DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত ভিখাৰীৰ সংখ্যা সৰ্বাধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 5:34 pm
kamakhya-temple-570x320

গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ প্ৰৱেশ পথত ভিখাৰীৰ শাৰী, (ফাইল ফটো)

133
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যক ভিখাৰী আৰু অঘৰী লোক আছে। বুধবাৰে লোকসভাত এই তথ্য সদৰি কৰে সামাজিক ন্যায় বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চান্দ গেহলটে।

অসম লগতে দেশৰ ভিতৰত চতুৰ্থ সৰ্বাধিক মহিলা ভিখাৰী থকা ৰাজ্য। সদনত দিয়া এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা ব্যক্ত কৰিছে বুলি টাইমছ অফ ইণ্ডিয়াই বাতৰি প্ৰকাশ কৰিছে।

২০১১ চনৰ লোকপিয়লৰ উদ্ধৃতিৰে গেহলটে কয় যে অসমত মুঠতে ২২,১১৬ গৰাকী দুৰ্দশাগ্ৰস্ত লোক আছে যাৰ ভিতৰত ১৪,৮৪৭ গৰাকী মহিলা। এইক্ষেত্ৰত মহিলাৰ সংখ্যা পুৰুষৰ দুগুণ। পুৰুষৰ সংখ্যা হৈছে ৭,২৬৯ গৰাকী।

লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৪.১৩ লাখ ভিখাৰী তথা গৃহহীন লোক আছে। এই তথ্য প্ৰায় সাত বছৰ পুৰণি হোৱালৈ চাই বৰ্তমান অৱস্থা অধিক অৱনতি হোৱাৰ অনুমান কৰিব পাৰি।

অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়তো একেধৰণৰ ধাৰা দেখিবলৈ পোৱা যায় য’ত মহিলা ভিখাৰীৰ সংখ্যা পুৰুষতকৈ অধিক।

‘’ত্ৰিপুৰাত ১,৪৯০ গৰাকী ভিখাৰীৰ ভিতৰত ৮৮৩ গৰাকী মহিলা। একেদৰে, মেঘালয়ত মুঠ ৩৯৬ গৰাকীৰ ভিতৰত ২২৪ গৰাকী মহিলা। মণিপুৰত মুঠ ২৬৩ গৰাকী ভিখাৰীৰ ভিতৰত ১৪৬ গৰাকী মহিলা,’’-তেওঁ সদনত জনায়।

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত মিজোৰামৰ অৱস্থা যথেষ্ট উন্নত। ইয়াত মুঠ ৫৩ গৰাকী ভিখাৰীৰ ভিতৰত ২০ গৰাকী মহিলা।

সামাজিক বিশ্লেষকসকলে মত পোষণ কৰিছে যে ভিক্ষাবৃত্তিৰ সমস্যাটো মোকাৱিলা কৰাৰ কোনো উপযুক্ত নীতিৰ অভাৱৰ বাবেই পৰিস্থিতিটো অধিক বেয়ালৈ গৈছে।

ভাৰতত নিৰাময়হীন ভিখাৰী আৰু গৃহহীনৰ সমস্যাটো মোকাৱিলা কৰিবলৈ নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ চৰকাৰে দুৰ্দশাগ্ৰস্ত ব্যক্তিৰ (সুৰক্ষা, যত্ন আৰু পুনৰ্সংস্থাপন) আৰ্হি বিধেয়ক ২০১৬’ উত্থাপন কৰিছিল যদিও যোৱা বছৰ বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘’বৰ্তমান  ভিক্ষাবৃত্তি সম্পৰ্কত কোনো কেন্দ্ৰীয় আইন নাই  আৰু বেছিভাগ ৰাজ্যই হয় বোম্বে প্ৰিভেনশ্যন অফ বেগিং এক্ট ১৯৫৯’ গ্ৰহণ কৰিছে, নহয় ইয়াৰ আৰ্হি অনুসৰণ কৰি তেওঁলোকৰ আইন প্ৰস্তুত কৰিছে। অসমত সমাজ কল্যাণ বিভাগৰ অধীনত গৃহহীনসকলৰ ঘৰ দিয়াৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। অৱশ্যে, অধিক কল্যাণমূলক আঁচনিৰ প্ৰয়োজন আছে,’’-ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd