• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ কমিউনিষ্ট নেতাৰ মূৰ্তি নিৰ্মাণ কৰিব বিজেপিয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2018 2:01 pm
Biplab-Kumar-Deb
101
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত চি পি আই (এম)ৰ আৰাধ্য কমিউনিষ্ট বীৰ নেতাসকলৰ মূৰ্তি ভঙাত অভিযুক্ত নতুন শাসক হিন্দুত্ববাদী, সোঁপন্থী বিজেপিয়ে এইবাৰ পুনৰ নিৰ্মাণ কৰিবলৈ ওলাইছে কমিউনিষ্ট নেতা বৈদ্যনাথ মজুমদাৰৰ ভগ্ন মূৰ্তি|

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে আজি ২৮ জুলাইত আগৰতলাত এই কথা সদৰী কৰিছে।

‘(বিজেপি) দলৰ পুঁজিৰে মূৰ্তিটো পুনৰ নিৰ্মাণ কৰিবলৈ মই কয়লাচহৰৰ দলীয় নেতাসকলক আহ্বান জনাইছো। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় আগবঢ়াব,’ দেবৰ মন্তব্য।

ভাৰতৰ স্বাধীনতা সংগ্ৰামী কমিউনিষ্ট নেতাজনৰ উনাকতি জিলা সদৰ কয়লাচহৰত থকা বৃহৎ মূৰ্তিটো যোৱা বুধবাৰে ভঙাৰ পিছতে শাসকীয় বিজেপি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল।

সমালোচনাৰ পিছতে ‘মূৰ্তি ভঙাটো বিজেপিৰ সংস্কৃতি নহয়’ বুলি দাবী কৰি মুখ্য মন্ত্ৰীজনে ঘটনাটোৰ তদন্তৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰিছে।

‘ডি আই জি (উত্তৰ মণ্ডল)ক ঘটনাথলীলৈ পঠিয়াবলৈ আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান অখিল কুমাৰ শুক্লাক মই নিৰ্দেশ দিছো,’ দেবৰ দাবী।

‘ঘটনাটোৰ আঁৰত থকা কাকো সাৰি যাবলৈ দিয়া নহ’ব’ বুলি আশ্বাস দি দেবে লগতে কয়, ‘বিজেপি চৰকাৰৰ ভাবমূৰ্তি নষ্ট কৰিবৰ বাবে চলোৱা ষড়যন্ত্ৰৰ ই অংশ নেকি গম ল’বৰ বাবেও সঞ্চালক প্ৰধানক মই নিৰ্দেশ দিছো|’

ঘটনাত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনে যোৱা শুকুৰবাৰে জামিন লাভ কৰিছে।

মূৰ্তিটো ‘বিজেপিৰ গুণ্ডা’ই ভাঙিছে বুলি চিপিআই (এম) নেতা বিশ্বৰূপ গোস্বামীয়ে কৰা দাবী বিজেপিয়ে অগ্ৰাহ্য কৰিছে। মূৰ্তি ভঙা ঘটনাৰ তদন্ত বিচাৰি চিপিআই (এম)এ যোৱা তিনিদিন ধৰি ৰাজ্যখনত প্ৰতিবাদ কৰি আহিছে।

কংগ্ৰেছ, চিপিআই (এম)ৰ লগতে বিজেপিয়েও নেতাজনৰ মূৰ্তি ভঙা ঘটনাটোক গৰিহণা দিছিল।

বিভিন্ন কমিউনিষ্ট নেতাৰ মূৰ্তি ভঙা বুলি দেশজুৰি সমালোচিত হোৱা বিজেপিয়ে অভিযোগসমূহ খণ্ডন কৰি আহিছিল।

ত্ৰিপুৰাত কমিউনিষ্ট দলৰ অন্যতম ভেটি স্থাপনকাৰী নেতা, ২০১১ চনত মৃত্যু হোৱা মজুমদাৰ ১৯৩০ চনৰ চিতাগং অস্ত্ৰভাণ্ডাৰ লুটৰ ঘটনাত স্বাধীনতা যুঁজাৰু সূৰ্য্য সেনৰ অন্যতম সহযোগী আছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd