• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এঘন্টাত ৬ লাখ গছ পুলি ৰুই লিমকা ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰা লক্ষ্য চৰাইদেওৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2018 1:09 pm

2 min read

PS-570x320

প্ৰতিনিধিত্বমূলক ফটো

392
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ চৰাইদেও জিলাই অহা ১ এপ্ৰিলত এঘন্টাৰ ভিতৰত ছয় লাখতকৈও অধিক গছ পুলি ৰুই ‘লিমকা বুক অফ ৰেকৰ্ড’ত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

‘’ গোলকীয় উষ্ণতাৰ বিৰুদ্ধে আমাৰ যুঁজৰ এক অংশ হিচাপে এঘন্টাৰ ভিতৰত ৬,১৬,৬৩৯ টা গছ পুলি ৰোৱাৰ আমি পৰিকল্পনা কৰিছো। কোনো বাধা নোহোৱাকৈ গছ পুলি ৰোপন অভিযানটো সম্পূৰ্ণ কৰাৰ বাবে এখন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছো,’’- চৰাইদেওৰ উপায়ুক্ত বিবেকানন্দ ফুকনে দেওবাৰে কয়।

তেওঁ কয় যে গছ পুলি ৰোপনৰ কাৰ্যসূচীটো একেসময়তে জিলাখনৰ বিভিন্ন স্থানত ৰূপায়ন হ’ব। সংৰক্ষিত বনাঞ্চলকে ধৰি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ চৌহদসমূহত, নামঘৰৰ চৌপাশ, চৰকাৰী কাৰ্যালয়ৰ চৌহদ, পতিত মাটি আদিত গছ পুলি ৰোপন কৰা হ’ব। কাৰ্যসূচী ৰাতিপুৱা ১১ বজাত আৰম্ভ কৰা হ’ব।

লিমকা বুক অফ ৰেকৰ্ডছত হাৰিয়ানাৰ ফৰিদাবাদে ২০১৫ চনত তিনিঘন্টাৰ ভিতৰত দুই লাখ পুলি ৰুই বিশ্ব অভিলেখৰ অধিকাৰী হৈছে।

ডিব্ৰু ছৈখোৱা কনজাৰ্ভেশ্যন ছচাইটিৰ সচিব জয়নাল আবেদিন আৰু এটা পৰিৱেশমূলক বেচৰকাৰী সংস্থা নেচাৰ্ছ বেকনৰ প্ৰতিষ্ঠাতা সৌম্যদ্বীপ দত্তকে ধৰি বহু বিশিষ্ট অতিথিয়ে অভিযানটোত অংশগ্ৰহণ কৰিব।

‘’মুকলি অনুষ্ঠানটো নগানদীত হ’ব য’ত অতিথিসকলে প্ৰথমটো গছপুলি ৰোপন কৰি অভিযানটো আৰম্ভ কৰিব। ইয়াৰ পিছতে হেজাৰ সংখ্যক লোকে ছয় লাখ গছপুলি জিলাখনৰ বিভিন্ন স্থানত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ৰোপন কৰিব,’’-তেওঁ কয়।

অভিযানটোক সফল কৰি তুলি এটা নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰিছে উপায়ুক্ত ফুকনে। ‘’মই গছ পুলি ৰোপনৰ এই মহান কাৰ্যত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।‘’

অভয়পুৰ আৰু ছিংলো সংৰক্ষিত বনাঞ্চলত প্ৰায় তিনি লাখ গছপুলি ৰোপন কৰা হ’ব।

অভিযানটো নিৰীক্ষণ কৰিবলৈ বিভিন্ন স্থানত চাৰিগৰাকী স্বতন্ত্ৰ পৰ্যবেক্ষক বা সাক্ষী থাকিব।

চৰাইদেওৰ সহকাৰী উপায়ুক্ত নুজহাট নাছৰিনে কয় যে তেওঁলোকে লিমকা বুক অফ ৰেকৰ্ডছৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকে গছ পুলি ৰোপন অভিযানৰ ৰেকৰ্ডিং ভিডিঅ’ , পৰ্যবেক্ষকৰ প্ৰতিবেদন আৰু  কাৰ্যসূচীটোৰ অন্যান্য বিশদ বিৱৰণ ২০ জুনৰ ভিতৰত পঠাবলৈ কৈছে।

‘’সকলো বিশদ তথ্য পৰীক্ষা কৰি তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব,’’-তেওঁ কয়।

 

Recent News

WhatsApp Image 2021-03-07 at 2.19.05 PM

IPLৰ সূচী ঘোষণা; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

rakeshtikait-1613549030

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

বংগৰ ৰাজনীতিত ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

বংগৰ ৰাজনীতিত ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

Roselina and Bishmita

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd