• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু ডিমা হাচাও প্ৰশাসন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 28, 2018 9:34 am
ডিমা হাচাও
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজত মাথোঁ দুটা দিন বাকী। তাৰ পাছতেই বহু প্ৰতীক্ষিত ৰাষ্ট্রীয় নাগৰিকপঞ্জী বা এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। ইতিমধ্যে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিমা হাচাও জিলা প্ৰশাসনো সামগ্ৰিকভাৱে ইয়াৰ বাবে প্ৰস্তুত হৈ পৰিছে।

শুকুৰবাৰে ডিমা হাচাও জিলাৰ এনআৰচিৰ জিলা সমন্বয়ক অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদুঙৰ লগত হোৱা বাৰ্তালপত তেওঁ জানিবলৈ দিয়ে যে অহা ৩০ জুলাই সোমবাৰে ডিমা হাচাও জিলাৰ ২৮ টা এনআৰচি সেৱা কেন্দ্ৰৰ লগতে জিলাৰ প্ৰায় ছ’শৰো অধিক গাঁৱৰ গাওঁবুঢ়াৰ হাতত এনআৰচিৰ খচৰা তালিকা উপলব্ধ হ’ব। ৰাতিপুৱা দহ বজাত ৰাইজে খচৰা তালিকা নিজৰ নাম প্ৰত্যক্ষ কৰিব পাৰিব।

Apply Now

উল্লেখ্য যে পাৰ্বত্য জিলাত এনআৰচিৰ কাৰণে আবেদনকাৰী নাগৰিকৰ সংখ্যা ২,০৮,০০০গৰাকী। প্ৰথমখন খচৰাত ১,৬৯,৬৮০ গৰাকী নাগৰিকৰ নাম অন্তৰ্ভূক্ত হৈছে। অৰ্থাৎ ৮১.৫৮ শতাংশৰ নাম প্ৰকাশ পোৱাৰ বিপৰীতে ১৮.৪২ শতাংশৰ নাম প্ৰকাশ পাবলৈ বাকী আছে।

অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা চৰকাৰীভাৱে ডিমা হাচাও জিলাত কিমান শতাংশ নাগৰিকৰ নাম অন্তৰ্ভূক্ত হ’ব বা কিমান বাদ পৰিব তেনে কোনো তথ্য প্ৰকাশ কৰিব বিচৰা নাই। অতিৰিক্ত উপায়ুক্ত জিদুঙে কয়, ‘আমাৰ যি কৰণীয় আছিল সেয়া কৰি দিছো, এতিয়া ৩০ জুলাইত ইয়াৰ ফল প্ৰকাশ পাব।‘

আনহাতে, প্ৰশাসনৰ আন বিশ্বস্ত সুত্ৰৰ মতে ডিমা হাচাও জিলাত  ডি ভোটাৰ বা বিদেশী ন্যায়াধিকৰণত তেনে গোচৰ নাই। আনহাতে অবৈধ অনুপ্ৰবেশকাৰীৰ সংখ্যাও নগণ্য। এনে ক্ষেত্ৰত ডিমা হাচাওত নাম বাদ পৰা ব্যক্তিৰ সংখ্যা ৰাজ্যৰ ভিতৰতে আটাইতকৈ কম হ’ব।

নিৰাপত্তা ব্যৱস্থাক লৈ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) প্ৰশান্ত দত্তই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে ডিমা হাচাও আৰক্ষী এনআৰচিৰ খচৰা প্ৰকাশৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ভাবে সাজু। যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰতিটো সেৱা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি, ডিমা হাচাওৰ কাৰণে অতিৰিক্ত নিৰাপত্তা বাহিনী আহি পাইছে আৰু আহি আছে।

তেওঁ লগতে জানিবলৈ দিয়ে যে ইন্দো-তিব্বতীয়ান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ এক কোম্পানী আহি পাইছে আৰু আৰপিএফৰ এক কোম্পানী শনিবাৰে আহি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে চিআৰপিএফ আৰু আছাম ৰাইফলছো আছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd