• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰা প্ৰকাশৰ প্ৰাক-মুহূৰ্তত নিৰাপত্তা পৰিস্থিতিৰ পৰ্য্যালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 8:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ সময় যিমানে টুটি আহিছে সিমানেই আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ ৰাজ্য প্ৰশাসনৰ লগতে সমাজৰ সচেতন অংশটোৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে। অহা ৩১ ডিচেম্বৰত প্ৰথমখন খচৰা প্ৰকাশ কৰালৈ মাজত মাত্ৰ দুটা দিন আছে। এই পৰিপ্ৰেক্ষিতত অসম আৰক্ষী বিভাগে ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলবোৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। চৰকাৰী সূত্ৰই জনোৱামতে ৰাজ্যখনে ইতিমধ্যে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ ৮৫ টা অতিৰিক্ত কোম্পানী লাভ কৰিছে।

উল্লেখযোগ্য যে অনুপ্ৰৱেশে এক প্ৰকাৰৰ সংকট সৃষ্টি কৰা ৰাজ্যখন যোৱা ২০১৫ চনৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীকৰণৰ কাম চলি আছে। অসম আন্দোলনৰ ফলত সৃষ্ট অসম চুক্তিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংশস্বৰূপে ৰাজ্যখনত এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হৈছে। এইটো অসমৰ বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক পক্ষবোৰৰ এইটো এটা দীৰ্ঘদিনীয়া দাবী আছিল আৰু বহু প্ৰতীক্ষাৰ অন্তত প্ৰক্ৰিয়াটো বাস্তৱত কাৰ্য্যকৰী হ’বলৈ ধৰিছিল। এই গোটেই প্ৰক্ৰিয়াটোত মহামান্য উচ্চতম ন্যায়ালয়েও বিশেষ চকু ৰাখিছে।

Apply Now

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েই চৰকাৰক আদেশ দিছিল যে অহা ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিবই লাগিব। সেই পৰিপ্ৰেক্ষিততে এন আৰ চিৰ কাম তীব্ৰ গতিত কৰা হৈ আছে আৰু অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰথমখন খচৰা প্ৰকাশ পোৱাটো নিশ্চিত হৈছে।

খচৰা প্ৰকাশ পোৱাৰ সময়খিনিত খচৰাৰ পৰা নাম বাদ পৰাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হ’ব পাৰে বুলি ইতিপূৰ্বে চোৰাংচোৱাৰ তথ্যই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক জনাইছে। তাৰোপৰি এই সময়ছোৱাত সৃষ্টি হ’ব পৰা সম্ভাব্য পৰিস্থিতিৰ পৰ্য্যালোচনা কৰিবলৈ দেশৰ অভ্যন্তৰীণ চোৰাংচোৱা বিভাগৰ মুৰব্বী ৰাজীৱ জৈনে ৰাজ্যখন ভ্ৰমণ কৰি গৈছে কিছু দিনৰ আগতে।

আনহাতে কালি য়ুনিফাইড কমাণ্ডে তেজপুৰৰ ফ’ৰ ক’ৰ্পছৰ মুখ্য কাৰ্য্যালয়ত অসমৰ নিৰাপত্তাৰ দিশবোৰ পৰ্য্যালোচনা কৰে। য়ুনিফাইড কমাণ্ডে শংকা কৰা মতে ৰাজ্যখনৰ ঠায়ে ঠায়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে কয় যে এই বৈঠকখনত বিশেষকৈ এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত নিৰাপত্তা বৃদ্ধি কৰা বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। উল্লেখযোগ্য যে এন আৰ চিৰ তথ্য চাৰিটা সুকীয়া সুকীয়া ৱেবছাইটত প্ৰকাশ পোৱাৰ উপৰি সেৱাকেন্দ্ৰবোৰতো খচৰা তালিকা আঁৰি দিয়া হ’ব। লগতে তেওঁ কয় যে আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াতো চকু ৰাখিব।

আনহাতে যোৱা বুধবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই আশ্বাস দিছিল যে প্ৰকৃত ভাৰতীয় নাগৰিকসকল ভীতিগ্ৰস্ত হোৱাৰ কাৰণ নাই, যিহেতু নাম বাদ পৰিলেও তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ যথেষ্ট সুযোগ পাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd