DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা : শান্তিপূৰ্ণভাৱে খচৰা প্ৰকাশত আশাবাদী বৰপেটা জিলাবাসী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 30, 2018 8:13 am
এন আৰ চি
127
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী ৷ এন আৰ চি ৰ চূড়ান্ত খচৰাৰ প্ৰকাশকলৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ আছে ৷ পাইলট প্ৰজেক্টৰ কামত হিংসাত্মক ঘটনা সংঘটিত হোৱা বৰপেটা জিলাৰ প্ৰতি ৰাজ্যবাসীৰ নজৰ নিবদ্ধ হৈ আছে ৷ আজি প্ৰকাশ পাব লগা এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মনৰ ভাৱ জানিবলৈ এই প্ৰতিবেদকেও চলোৱা এক  প্ৰতিবেদনৰ পৰা অনুমান কৰিব পাৰি জিলাখনত শান্তিপূৰ্ণ ভাবে প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা ৷

শান্তিপূৰ্ণভাবে এন আৰ চি প্ৰকাশত আশাবাদী বৰপেটা জিলাবাসী ৷ বিভিন্ন প্ৰান্তৰ ৰাইজৰ স্পষ্ট মত এন আৰ চিত বৈধ কোনো ভাৰতীয়ৰ নাম বাদ পৰিব নালাগে আৰু কোনো বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ’ব নালাগে ৷ এন আৰ চিক লৈ ৰাইজৰ আশংকা দূৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনে ৰাইজক বিভিন্ন ধৰণে সজাগতামূলক সভা সমিতি অনুষ্ঠিত কৰি আহিছে ৷

উল্লেখ্য যে, এন আৰ চিৰ ক্ষেত্ৰত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত এন আৰ চিক লৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা চলাই আহিছে৷ এন আৰ চি প্ৰসংগত  বিভিন্ন দল সংগঠনৰ উপস্থিতিত শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত  এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে ৷

কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ ডি এফ, বিপিএফ দলৰ লগতে আছু, আমছু, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, এন এছ ইউ আই আদি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত  এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰাৰ সুযোগ দিব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায় ৷ পাইলট প্ৰজেক্টৰ দৰে এন আৰ চিক লৈ যাতে  বৰপেটাত হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰবাবে সকলোকে সজাগ হৈ থাকিবলৈও মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়৷

এন আৰ চিক লৈ একাংশই অপপ্ৰচাৰ চলাই আহিছে যদিও প্ৰকৃততে এন আৰ চিক লৈ কোনো বৈধ লোকৰ শংকিত হোৱাৰ কাৰণ নাই বুলি চৰকাৰ তথা প্ৰশাসনে আগবঢ়োৱা ঘোষণাৰ পৰিপ্ৰেক্ষিতত জিলাবাসী উদ্বিগ্ন যদিও আতংকিত নহয়৷

ইপিনে এন আৰ চি সন্দৰ্ভত  জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই জনায় যে  বৰপেটা জিলাখন স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত  কৰি জিলাখনক ৫টা মণ্ডল আৰু ১৩৩টা চেক্টৰত ভাগ কৰা বুলি জনায়৷ এন আৰ চিক লৈ জিলাখনত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে৷

আৰক্ষীক সহায় কৰাৰ বাবে জিলাখনত থকা সেনাৰ কোম্পানীৰ লগতে তিনিটা অৰ্ধ সামৰিক বাহিনী, দুটা এছ এছ বিৰ বাহিনী, দুটা আই টি বি পি আৰু দুটা চি আই এচ এফ সহ আৰক্ষী বাহিনীৰ মুঠ ৯টা কোম্পানীক মোতায়ন কৰা হৈছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd