DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত সমাজৰ শান্তি-সম্প্ৰীতি অটুট ৰাখক : অসম সাহিত্য সভা

মিণ্টু দাস by মিণ্টু দাস
July 27, 2018 8:30 pm
এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত সমাজৰ শান্তি-সম্প্ৰীতি অটুট ৰাখক : অসম সাহিত্য সভা
172
VIEWS
Share on FacebookShare on Twitter

‘এটা অসম বিৰোধী শক্তিয়ে ৰাজ্যখনত বিভাজনৰ বীজ সিঁচি ৰাজ্যখনৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। বৃহৎ অসমীয়া জাতিক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি জাতিটোক শক্তিহীন কৰিবৰ বাবেও ষড়যন্ত্ৰ কৰি আহিছে। সম্প্ৰতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত বাধা দিবলৈ ৰাষ্ট্ৰৰ ভিতৰে-বাহিৰে ন ন ষড়যন্ত্ৰ ৰচনা কৰিছে এই অসম বিৰোধী শক্তিটোৱে।’-এই মন্তব্য অসম সাহিত্য সভাৰ।

অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আজি এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰি লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছতো দুষ্ট চক্ৰটোৱে সমাজৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিব। এনে দুষ্ট চক্ৰৰ দ্বাৰা প্ৰৰোচিত হৈ বিভ্ৰান্ত নহ’বলৈ আৰু শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব পৰা কোনো কাম নকৰিবলৈ সাহিত্য সভাই সকলোকে আহ্বান জনাইছে।

সাৰ্বভৌম দেশ এখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণ অতিশয় প্ৰয়োজনীয় বিষয় বুলি উল্লেখ কৰি বিবৃতিটোত লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কোনো কাৰণতে এজনো ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব নোৱাৰে। খচৰাত কাৰোবাৰ নাম বাদ পৰিলেও তেওঁলোকে বিধিগত প্ৰক্ৰিয়াৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই নিশ্চিত কৰিছে।

জাতীয় সংগঠনসমূহে বাদ পৰা নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰিবৰ বাবে আইনী সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে। অসম সাহিত্য সভায়ো এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। গতিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত কিবা কাৰণত কাৰোবাৰ নাম বাদ পৰিলেও আতংকিত নহ’বলৈ আৰু দুষ্ট চক্ৰৰ দ্বাৰা প্ৰৰোচিত হৈ সমাজৰ শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা কোনো কাম নকৰিবলৈও সাহিত্য সভাই সকলোকে অনুৰোধ জনাইছে।

লগতে সমাজৰ সচেতন ব্যক্তিসকলক অসম বিৰোধী চক্ৰবোৰক চিনাক্ত কৰিবলৈ আৰু সেই অশুভ শক্তিবোৰৰ সকলো চক্ৰান্ত প্ৰতিৰোধ কৰিবৰ বাবে সজাগতা অৱলম্বন কৰিবলৈ সাহিত্য সভাৰ তৰফৰ পৰা অনুৰোধ জনায়।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd