• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2026 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত হঠাতে হোৱা ভয়ংকৰ বান পাছত ইয়াৰ প্ৰভাৱ পৰিছে চুবুৰীয়া বিহাৰতো। নেপালৰ পৰা বৈ অহা বানপানীৰ ফলত বিহাৰৰ বিভিন্ন নদীত অচিনাকি আৰু অস্বাভাৱিক ধৰণৰ মাছ দেখা পোৱা গৈছে। এই মাছ ধৰা, বজাৰত বিক্ৰী কৰা অথবা খোৱাৰ পৰা বিৰত থাকিবলৈ বিহাৰ চৰকাৰে জনসাধাৰণক সতৰ্ক কৰিছে। প্ৰশাসনৰ আশংকা, প্ৰদূষিত বানপানীত থকা মাছৰ দেহত ক্ষতিকাৰক জীৱাণু আৰু অন্যান্য ৰোগ সৃষ্টিকাৰী বীজাণু থাকিব পাৰে।

নেপালত হোৱা হঠাৎ বানৰ পাছত ত্ৰিশূলী নদীৰ পানী গণ্ডক আৰু কোশী নদীৰে বিহাৰত প্ৰৱেশ কৰিছে। উত্তৰ বিহাৰৰ এই দুয়োখন গুৰুত্বপূৰ্ণ নদীত পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে বানপীড়িত অঞ্চলসমূহত বিভিন্ন ধৰণৰ মাছ দেখা গৈছে। ইতিমধ্যে এনে মাছ খাই কেইবাজনো লোক অসুস্থ হোৱা বুলিও দাবী কৰা হৈছে।

Apply Now

বিহাৰৰ জনসাধাৰণক বানপানীৰ পৰা ধৰা মাছ নিকিনিবলৈ, বিক্ৰী নকৰিবলৈ আৰু নাখাবলৈ পৰামৰ্শ দিয়া হৈছে। সংশ্লিষ্ট বিভাগৰ মতে, বানপানীৰ সময়ত পুখুৰী, নদী, হ্ৰদ আৰু জলাশয়ৰ পৰা মাছ ওলাই আহি বহু দূৰলৈ বিয়পি পৰে। এনে মাছ যদি নলা-নৰ্দমা, মৃত জীৱ-জন্তু অথবা আন কোনো প্ৰদূষিত বস্তুৰ সংস্পৰ্শলৈ আহে, তেন্তে সেই মাছৰ দেহত বেক্টেৰিয়া, ভাইৰাছ আৰু অন্যান্য ৰোগ সৃষ্টিকাৰী জীৱাণু থাকিব পাৰে।

প্ৰশাসনে বিশেষভাৱে জনাইছে যে অচিনাকি অথবা অস্বাভাৱিক কোনো মাছেই খোৱা উচিত নহয়। বানপানীৰ পৰা ধৰা মাছ বজাৰত বিক্ৰী কৰা বা ক্ৰয় কৰাও এৰাই চলিবলৈ কোৱা হৈছে। কোনো অজ্ঞাত মাছ খোৱাৰ উপযোগী নে নহয়, সেই বিষয়ে সংশ্লিষ্ট বিভাগৰ পৰামৰ্শ অবিহনে সিদ্ধান্ত নল’বলৈও জনসাধাৰণক সতৰ্ক কৰা হৈছে।

অচিনাকি মাছ খোৱাৰ পাছত যদি কোনো লোকৰ বমি, পাতল পায়খানা, পেটৰ বিষ, মূৰ ঘূৰোৱা অথবা শ্বাস-প্ৰশ্বাসত কষ্টৰ দৰে উপসৰ্গ দেখা দিয়ে, তেন্তে পলম নকৰি ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।

কেৱল মাছেই নহয়, নেপালৰ বানপানীয়ে ইয়াৰ সৈতে বহু পৰিমাণৰ পলি, বোকা, শিল, গছৰ গা-গছনি আৰু মৃত মাছো কঢ়িয়াই আনিছে। ক্ষতিগ্ৰস্ত দলং আৰু জলবিদ্যুৎ প্ৰকল্পৰ ধ্বংসাৱশেষ, যান-বাহন, ঘৰুৱা সামগ্ৰী আৰু এলপিজি চিলিণ্ডাৰো নদীৰ সোঁতত ভাহি অহাৰ খবৰ পোৱা গৈছে। মানুহ আৰু জীৱ-জন্তুৰ মৃতদেহ পানীৰ সৈতে মিহলি হোৱাৰ ফলত জলদূষণ আৰু বিভিন্ন সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে।

প্ৰদূষিত বানপানী যদি হেণ্ডপাম্প অথবা কুঁৱাৰ পানীৰ সৈতে মিহলি হয়, তেন্তে পাতল পায়খানা, কলেৰা, টাইফয়েড আৰু হেপাটাইটিছ এ আৰু ইৰ দৰে ৰোগ বিয়পি পৰাৰ আশংকা বৃদ্ধি পাব পাৰে। একেদৰে পানী জমি থাকিলে মহৰ বংশবৃদ্ধি বৃদ্ধি পোৱাৰ ফলত ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়াৰ আশংকাও দেখা দিব পাৰে।

ইয়াৰ উপৰি নেপাল সীমান্তৰ কাষৰ বিহাৰৰ কেইবাটাও জিলাত ভূগৰ্ভস্থ পানীত ইতিমধ্যে নিৰাপদ সীমাতকৈ অধিক মাত্ৰাত আৰ্চেনিক পোৱা গৈছে। বানপানীৰ ফলত পানী অধিক প্ৰদূষিত হ’লে পৰিস্থিতি আৰু জটিল হোৱাৰ আশংকা আছে। সেয়েহে নদীৰ পানী আৰু বানপানীৰ পৰা আঁতৰি থকাৰ লগতে প্ৰশাসনে জাৰি কৰা সতৰ্কবাণী আৰু নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd