• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি আংশিক খচৰা প্ৰকাশ সন্দৰ্ভত ছাত্ৰ সংগঠনৰে আলোচনাত বহিল ডিব্ৰুগড় জিলা প্ৰশাসন 

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , December 29, 2017 9:44 am

2 min read

এন আৰ চি বিষয়ত দিচপুৰত গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক
209
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ডিব্ৰুগড় জিলাত কোনো বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি নহ’বৰ বাবে জিলা প্ৰশাসনে কিছু কাৰ্য পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। আংশিকভাবে প্ৰকাশ হ’বলগীয়া খচৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কালি ডিব্ৰুগড় জিলাৰ বিভিন্ন ছাত্ৰ সংগঠনৰে জিলা প্ৰশাসনে এক আলোচনাত মিলিত হয়। অহা ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আংশিক খচৰাৰ পৰা কোনো ব্যক্তিৰ নাম বাদ পৰিলেও তেওঁলোক শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উক্ত মত বিনিময় অনুষ্ঠানত জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে কয়। ৩১ ডিচেম্বৰৰ মাজনিশা আংশিক খচৰা এন আৰ চি প্ৰকাশিত হোৱাৰ পিছত পহিলা জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা জিলাখনত থকা ৯৭ টা এন আৰ চি সেৱা কেন্দ্ৰত উক্ত এন আৰ চিৰ আংশিক খচৰা ৰাইজৰ বাবে উপলব্ধ কৰোৱা হ’ব । গতিকে প্ৰতিজন ব্যক্তিয়ে নিজৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছেনে নাই, সেয়া নিজ নিজ এলেকাৰ এন আৰ চি সেৱা কেন্দ্ৰত বা অনলাইনযোগে 21 টা ডিজিটৰ আবেদন প্ৰাপ্তিৰ নম্বৰ( এন আৰ চি )ৰ সহায়ত www.nrcassam.nic.in, www.assam.mygov.in, www.assam.gov.in  আৰু  www.homeandpolitical.assam.gov.in  ৱেবছাইটৰ যোগেদি পৰীক্ষা কৰিব পাৰিব । ইফালে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাইজৰ সুবিধাৰ্থে  কন্ট্ৰল ৰূম মুকলি কৰি তাত এটা 0373–2312940 হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা বুলিও জনায়।

এই মতবিনিময় সভাত ডিব্ৰুগড়ৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উপৰি অতিৰিক্ত উপায়ুক্ত অংকুৰ ভঁৰালীও উপস্থিত থাকে । সম্পূৰ্ণ এন আৰ চি খচৰা প্ৰকাশ হোৱাৰ পিছতহে ব্যক্তি বিশেষকৰ কিবা ওজৰ আপত্তি থাকিলে গ্ৰহণ কৰা হ’ব বুলি মতবিনিময় অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd