• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এ পি এচ চিৰ প্ৰাক্তন সদস্যৰ জড়িয়তে ভুৱা ডিগ্ৰীৰে অধ্যক্ষ হৈছে বঙাইগাঁৱৰ মহাবিদ্যালয়ত; ৰাজ্যত আছে ৬শ ভুৱা ডক্টৰে’টধাৰী’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 1, 2018 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এচ চি (APSC)ৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত চলি থকাৰ মাজতে ‘এ পি এচ চিৰ প্ৰাক্তন সদস্য তথা বৰপেটাৰ কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ এম মুজাম্মেল হুছেইন’ৰ জৰিয়তে বঙাইগাঁৱৰ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলামে ভুৱা কাগজ-পাতিৰে অধ্যক্ষৰ পদবী দখল কৰা বুলি আজি ১ এপ্ৰিলত গুৰুতৰ অভিযোগ উত্থাপন কৰি বিষয়টোৰ উচ্চস্তৰীয় তদন্ত দাবী কৰিছে নাগৰিক সুৰক্ষা মঞ্চ, অসমে।

আনহাতে ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰত ভয়ংকৰ জালিয়াতিৰ অভিযোগ তুলি ৰাজ্যত আনুমানিক ৬০০ গৰাকী ভুৱা ডক্টৰে’ট ডিগ্ৰিধাৰী থকা আৰু ইয়াৰে ৩০০ গৰাকীৰ নাম ইতিমধ্যে আৰ টি আইৰ জৰিয়তে তেওঁলোকে লাভ কৰা বুলিও দাবী কৰিছে।

Apply Now
‘৩১ চেপ্তেম্বৰলৈকে’ ছুটী বিচাৰি দিয়া আবেদন

‘এ পি এচ চিৰ প্ৰাক্তন সদস্য হুছেইনৰ জৰিয়তে’ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ ‘ইছলামে তেওঁৰ যোগদানৰ তাৰিখ ২৭.১২.১৯৯৮ ৰ ঠাইত এবাৰ ১৮.০৫.১৯৯৮ আকৌ এবাৰ ০৫.০৭.১৯৯৮ দেখুৱাই ১৭ গৰাকী অৰ্হতাসম্পন্ন প্ৰতিষ্ঠাপক প্ৰবক্তাক ঠগি অধ্যক্ষ পদত অধিষ্ঠিত হৈছে’ বুলি দাবী কৰে মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে।

জহিৰুলৰ পি এইছ ডি ডিগ্ৰী নথকা বাবে অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে তেওঁক অধ্যক্ষ পদৰ বাবে অৰ্হতাহীন বুলি কোৱাৰ পিছতে দুসপ্তাহৰ ভিতৰতে বিহাৰৰ মগধ  বিশ্ববিদ্যালয়ৰপৰা ধনৰ বিনিময়ত এখন পি এইচ ডি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে বুলি মঞ্চই অভিযোগ উত্থাপন কৰে।

সভাপতিগৰাকীয়ে দাবী কৰে যে ’চেপ্তেম্বৰ মাহ ৩০ দিনীয়া হোৱাৰ বিপৰীতে ৩১ চেপ্তেম্বৰত’ জহিৰুলে ‘মগধ বিশ্ববিদ্যালয়ত পি এইচ ডি ডিগ্ৰী ল’বলৈ বিহাৰৰ গয়ালৈ যোৱাৰ নামত ছুটী লোৱা দেখুৱাইছিল।’

আনহাতে মঞ্চৰ হাতত নাম থকা ৩০০ গৰাকী ভুৱা ডক্টৰে’টধাৰীৰ ১২৪ গৰাকীয়ে ৰাজস্থানৰ সিংহানিয়া নামৰ ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ পৰা ভুৱা প্ৰমাণ পত্ৰৰে এই ডিগ্ৰী লোৱা বুলি সংগঠনটোৱে দাবী কৰে।

ৰাজ্যৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা এনে ভুৱা ডিগ্ৰী লৈ বঙাইগাওঁ জিলাৰ তিনিখন মহাবিদ্যালয়ত সাতজনে অধ্যাপনা কৰি থকা বুলিও মঞ্চই অভিযোগ তোলে।

দক্ষিণ অভয়াপুৰীৰ বিধায়কে তদন্ত বিচাৰি উচ্চ শিক্ষা সঞ্চালকালয়ক দিয়া পত্ৰ

মঞ্চই দাবী কৰে যে ‘বঙাইগাওঁ জিলাৰ উত্তৰ শালমৰা মহকুমাৰ অন্তৰ্গত লেংটিছিঙাৰ ৰাজীৱ গান্ধী সোঁৱৰণী মহাবিদ্যালয়ত জহিৰুল ইছলাম (শিক্ষা বিভাগ), ফজৰ আলী (অৰ্থনীতি বিভাগ), ৰোজেনা খাতুন (অৰ্থনীতি বিভাগ), আবু বক্কৰ ছিদ্দিক (ইতিহাস বিভাগ), চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ আব্দুল ৱাহাব (শিক্ষা বিভাগ), বৈতামাৰীৰ ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ আক্ৰাম আলী ভট্ট (ৰাজনীতি বিজ্ঞান) আৰু আব্দুছ চবুৰে (ৰাজনীতি বিজ্ঞান) বিহাৰৰ মগধ বিশ্ববিদ্যালয়ৰ ভুৱা পি এইচ ডি ডিগ্ৰীৰে অধ্যাপনা কৰি আছে।’

অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মাল’ৱে উচ্চ শিক্ষা সঞ্চালকালয়লৈ ১৮ মে’ ২০১৭ চনত এখন পত্ৰৰ জৰিয়তে এই অধ্যাপক কেইগৰাকীৰ ডিগ্ৰীৰ সন্দৰ্ভত তদন্তৰ দাবী কৰিছিল যদিও আজিকোপতি তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত কৰা নাই বুলি মঞ্চই দাবী কৰে। মঞ্চই লগতে দাবী কৰে যে তেওঁলোকৰ অভিযোগ মিছা প্ৰমাণ কৰিব পাৰিলে তেওঁলোক জে’ললৈ যাবলৈও সাজু আছে।

সংগঠনটোৱে দাবী কৰে যে ধনৰ বিনিময়ত আনকি উক্ত বিশ্ববিদ্যালয়বোৰলৈ নোযোৱাকৈও ডিগ্ৰী ল’ব পাৰি।

লক্ষণীয় যে এই কেলেংকাৰীৰ বিষয়ে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইসময়ৰ বিধান সভাৰ অধ্যক্ষ ৰঞ্জিত দাসকো তেওঁলোকে অৱগত কৰিছিল যদিও বৰ্তমানলৈকে তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই বুলি মঞ্চৰ উপদেষ্টা আচিৰুদ্দিনে অভিযোগ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd