DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 5:54 pm
আঁহতগুৰিৰ ম’হযুঁজ।
436
VIEWS
Share on FacebookShare on Twitter

পহিলা মাঘৰ দিনা অনুষ্ঠিত হ’ল ঐতিহাসিক আঁহতগুৰি ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অসমীয়া জাতীয় পৰাম্পৰাৰ নিজস্ব স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত একাংশ ম’হ গোৱাল আৰু স্থানীয় ৰাইজৰ উদ্বোগত অনুষ্ঠিত কৰিলে এই ম’হযুঁজৰ। অতীজৰ পৰা প্ৰচলিত এই পৰম্পৰা ৰক্ষা কৰাত কোনো কৃপণালি নকৰি ৰহাৰ সমীপৱৰ্তী আঁহতগুৰিৰ ৰসৰাজ লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত ঐতিহাসিক ম’হ যুঁজ অনুষ্ঠিত কৰিলে গোৱালসকলে৷

চলিত বর্ষত ৪৬সংখ্যক বর্ষত উপনীত হোৱা আঁহতগুৰি ম’হ যুঁজে এক সোণোৱালী ইতিহাস বহন কৰিলে যদিও দুবছৰ পূৰ্বে উচচতম ন্যায়ালয়ৰ এক নির্দেশত ম’হ যুঁজ অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল। ইয়াৰ বিপৰীতে আজি স্থানীয় গোৱালসকল সন্মিলিত হৈ অনানুষ্ঠানিকভাৱে আয়োজন কৰিলে এই ঐতিহাসিক ম’হযুঁজ৷ যুঁজত নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩০ হালৰো অধিক গোনা ম’হে অংশ লয়৷ গোনা ম’হৰ শিঙৰ খটখটনি আৰু দুই ম’হৰ তীব্র যুঁজত কঁপি উঠিল ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজ। অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ লগত সংগতি ৰাখি অতীজৰে পৰা পালন কৰি অহা জাতীয় পৰম্পৰাগত খেলক হেজাৰ প্রাচীৰেও বাধা দিব নোৱাৰিলে কার্যতঃ সেয়াই প্ৰমান কৰি দেখুৱালে আঁহতগুৰিবাসীয়ে।

লক্ষণীয় যে ম’হ যুঁজত অংশগ্ৰহণ কৰা ম’হ গোৱালৰ একাংশই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে, ‘ম’হ যুঁজ প্ৰতিযোগিতা হৈছে আমাৰ পৰম্পৰা। এই পৰাম্পৰা যোৱা কেইবা দশকযুৰি পালন কৰি আহিছো আৰু বৰ্তমান ম’হ যুঁজ ভোগালী বিহু উদযাপনৰ এক অবিচ্ছেদ্দ অংগ’।

অতি তাৎপৰ্যপূৰ্ণ কথা যে দুবছৰ পূৰ্বে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উচ্চতম ন্যায়ালয়ে দেশত প্ৰচলিত পৰম্পৰামূলক যিকোনো জন্তু যুঁজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই নিষেধাজ্ঞাৰ ফলতেই অসমত প্ৰচলিত পৰম্পৰা বুলবুলি যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজৰ দৰে খেল প্ৰায় বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। লক্ষণীয় যে দেশত প্ৰচলিত পৰাম্পৰা খেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে বিভিন্ন সময়ত অসমৰ লগতে ভাৰতবৰ্ষত ধৰ্মৰ নামত বলি বিধানৰ জৰিয়তে বিভিন্ন জন্তু হত্যা কৰা কাৰ্যক  এতিয়ালৈ উচ্চতম ন্যায়ালয়ে কিদৰে বৈধতা প্ৰদান কৰিছে সেয়া এক ডাঙৰ উদ্বেগৰ বিষয়।

Recent News

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Kabaddi Player Accuses Coach Of Rape

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd