• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওস্তাদ আমজেদ আলী খানক কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা-২০১৮ৰ বাবে মনোনীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 2, 2018 3:51 pm

2 min read

Amazad-Khan-570x320
151
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত সৰোদ বাদক পদ্ম বিভূষণ ওস্তাদ আমজেদ আলী খানক কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা-২০১৮ৰ বাবে মনোনীত কৰা হৈছে। ভাৰতীয় ধ্ৰুপদী সংগীতৰ এই গৰাকী মহান কলাকাৰে সংগীতৰ মাধ্যমেৰে সমাজ জীৱনৰ শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

‘‘সংগীতৰ পদোন্নতি কৰিব পৰা নাযায়, জনতাই সংগীতজ্ঞ বাচনি কৰে’’(Music can’t be promoted, people choose musicians ) বুলি অকুণ্ঠ চিত্তে ঘোষণা কৰা বিশ্ব মানৱতাৰ প্ৰতি বিশ্বাস ৰখা, আজি সংগীত আৰু সমাজৰো চৰম দুৰ্দিনৰ দিনতো ‘হিন্দুস্তানী শাস্ত্ৰীয় সংগীত’ৰ ধাৰাটোক বিশ্বৰ সংগীতপ্ৰেমীৰ মাজলৈ লৈ যোৱা সকলৰ অন্যতম  ওস্তাদ আমজেদ আলী খান নিৰাশাৰ মাজত এগচি আশাৰ প্ৰদীপ।

আগষ্টৰ ৯ তাৰিখে গুৱাহাটীৰ উজান বজাৰ বজাৰত অৱস্থিত বিৱেকানন্দ কেন্দ্ৰ অডিটৰিয়ামত অনুষ্ঠিত এখন অনুষ্ঠানত তেওঁত এই বঁটা প্ৰদান কৰা হ’ব। আয়োজকসকলে জনোৱা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাই এই অনুষ্ঠানত ১৭ সংখ্যক কমলা শইকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰিব।

প্ৰয়াত সাংবাদিক তথা মুক্তিযুঁজাৰু কমলা শইকীয়াৰ নামত স্থাপন এটা ন্যাসে এই এই দ্বিবাৰ্ষিক বঁটাটো প্ৰৱৰ্তন কৰছে। এই বঁটাৰ সৈতে আছে এখন মানপত্ৰ, আৰু ১ লাখ টকাৰ এখন চেক।

২০১২ চনত সূচনা কৰাৰ পাছত কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা নিজৰ নিজৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে অসমৰ অগ্ৰগণ্য চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, প্ৰখ্যাত কৰ্কট বিশেষজ্ঞ ড০ তপন শইকীয়া আৰু আৱিষ্কাৰক উদ্ধব কুমাৰ ভৰালী।

আয়োজকসকলে জনাইছে যে অহা ৯ আগষ্টৰ কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানটো গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজন কৰা হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd