মুখ্য মন্ত্ৰীৰ গাদী এৰা প্ৰায় দুবছৰেই হ’ল যদিও আজিও কইনাধৰাৰ চৰকাৰী বাসভৱনতে থকা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে অৱশেষত কইনাধৰাৰ পৰা আন এটা চৰকাৰী বাসভৱনলৈ যোৱাৰ সিদ্ধান্ত লৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অহা বহাগ বিহুৰ পিছতে তেওঁ চৰকাৰে দিয়া নতুন বাসভৱনলৈ যাব।
উল্লেখযোগ্য যে তৰুণ গগৈয়ে তেওঁৰ বাবে আবণ্টিত চৰকাৰী বাসগৃহটোৰ সকলো প্ৰয়োজনীয় ব্যৱস্থাপনা সম্পূৰ্ণ কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগক পত্ৰ যোগে কেতিয়াবাই জনাইছিল।
গগৈয়ে সংবাদ মাধ্যমক জনোৱামতে এইবোৰ সম্পূৰ্ণ হৈ উঠা বুলি তেওঁক অৱগত কৰা হৈছে আৰু বিহুৰ পিছতে ঘৰ সলাব।
আনহাতে তেওঁৰ বাবে নিৰ্ধাৰিত চৰকাৰী ঘৰটো প্ৰাক্তন কংগ্ৰছী নেতা তথা বৰ্তমান বিজেপি চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী, যাৰ সৈতে যোৱা কিছু দিন ধৰি তৰুণ গগৈৰ তীব্ৰ বাকযুদ্ধ চলি আছে, সেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ঘৰৰ কাষতে। এই কথাটো গগৈক সাংবাদিকে মনত পেলাই দিয়াত অকপটতাৰে গগৈয়ে কয় যে হিমন্ত চুবুৰীয়া হোৱা বাবে তেওঁৰ কোনো আপত্তি নাই। মতৰ অমিল হ’লেও ব্যক্তিগত শত্ৰুতা নাই বুলি তেওঁ প্ৰকাশ কৰে।
তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কয়, ‘আজি বিজেপিলৈ গৈছে, কাইলৈ আকৌ ঘূৰি আহিবও পাৰে।’
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ গাদী এৰাৰ ইমান দিনৰ পিছতো চৰকাৰী বাসভৱন এৰি দিয়া নাই বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীজনক বহুতে সমালোচনা কৰি অহা দেখা গৈছিল। মনত পেলাব পাৰি যে অলপতে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মাণিক সৰকাৰে নিজৰ কাৰ্য্যকালৰ অন্ত পৰাৰ কেইদিন মানৰ ভিতৰতে চৰকাৰী বাসভৱন এৰি দি এক ব্যতিক্ৰ্ম দৃষ্টান্তৰ সৃষ্টি কৰিছিল।