• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ৰ এক ব্যতিক্ৰমী অনুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2017 9:27 pm

2 min read

কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ৰ এক ব্যতিক্ৰমী অনুষ্ঠান
197
VIEWS
Share on FacebookShare on Twitter

অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানৰ আদান-প্ৰদানেৰে আমি শক্তিশালী হ’ব পাৰোঁ ৷ সেইবাবেই আমি কথা পতাটো নিতান্তই জৰুৰী ৷ এই উদ্দেশ্য আগত ৰাখিয়েই সন্ধান ডট্ কম ই-আলোচনীৰ উদ্যোগত আৰু আকিঞ্চন ফাউণ্ডেচনৰ সহযোগত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত যোৱা ১৬ ডিচেম্বৰত ‘গুৱাহাটী ডায়েৰীজ ২০১৭’ ৰ এটি ব্যতিক্ৰমী অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত সভাত বিশিষ্ট অতিথিৰ আসনত উপবিষ্ট হয় বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী হিমাংশু প্ৰসাদ দাস আৰু কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী । উক্ত অনুষ্ঠানটোত তিনিখন বেলেগ বেলেগ ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয়ত বাৰ্তালাপ কৰা হয় । হিমাংশু প্ৰসাদ দাসে তেওঁৰ অভিমত দাঙি ধৰি কয় যে, “গ্লেমাৰৰ  পাছে পাছে  দৌৰি  নহয়  কোনো এটা কাম  ভালপাই  কৰাটোহে প্ৰকৃত  কৰ্ম।” । ড° বুলজিৎ বুঢ়াগোহাঁয়ে কেৰিয়াৰ সম্পৰ্কে কয় যে পৰম্পৰাগত কেৰিয়াৰ এটা বাচি নলৈ ছাত্ৰ-ছাত্ৰীসকলে বাচি ল’ব পৰা বহুতো পেছা আছে । কাৰ্টুন এটাই যে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজলৈ গৈ গুৰুত্বপূৰ্ণ বাৰ্তা বিলাব পাৰে সেই সম্পৰ্কে নিতুপৰ্ণ ৰাজবংশীয়ে ৰসাল মন্তব্যৰে অনুভৱ ব্যক্ত কৰে । এই অনুষ্ঠানতে আকিঞ্চন ফাউণ্ডেশ্যনৰ  আন  এটা প্ৰকল্প  শ্যামলম  বৃক্ষৰোপণ  কাৰ্যসূচীৰ  পত্ৰিকা আৰু গুৱাহাটী ডায়েৰীজৰ মুখপত্ৰ  উন্মোচন কৰাৰ  উপৰি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰতিযোগিতা, অনলাইন কুইজ প্ৰতিযোগিতা আৰু স্বৰচিত কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয় । অনুষ্ঠানটোত এখন স্মৰণিকাও উন্মোচন কৰা হয় । আয়োজকৰ হৈ নয়নজ্যোতি কলিতা আৰু ৰাজশ্ৰী বৰগোহাঁইয়ে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান পতাৰ প্ৰতিশ্ৰুতি দিয়ে । ভিন্ন ক্ষেত্ৰৰ অভিজ্ঞজনৰ জীৱনৰ অভিজ্ঞতাৰে যাতে আন এজনে কিবা এটা শিকিব পাৰে সেই আশা লৈয়ে এই অনুষ্ঠানৰ আৰম্ভ কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে । নতুন প্ৰজন্মৰ মাজত বিজ্ঞান প্ৰযুক্তি পৰিৱেশ সামাজিক দায়বদ্ধতা সাংস্কৃতিক উত্তৰণৰ বতাহ সফল ভাৱে বোৱাই নিবৰ বাবে বিভিন্ন পৃষ্ঠা গুৱাহাটী ডায়েৰীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই প্ৰকাশ পাই অহা এই সন্ধান ই-আলোচনীখনে ‘Manthan South East Asia and Asia Pacific Award 2015’, ‘eNorth East Award 2016’, ‘North East Social Impact Award (NESI) 2015’, ‘eAssam 2015’ ইত্যাদি অনুষ্ঠানত বিভিন্ন সন্মানেৰে সন্মানিত হৈছে ।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd