• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত শ্ৰীশ্ৰীবদলা পদ্মআতা কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 25, 2018 7:10 pm

2 min read

মুখ্য মন্ত্ৰী
107
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কলিয়াবৰ মহকুমাৰ সোণাৰিগাঁৱত শ্ৰীশ্ৰীবদলা পদ্মআতা কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখযোগ্য যে আজি শ্ৰীশ্ৰীবদলা পদ্মআতা সেৱা সমিতি, অসমৰ সৌজন্যত আৰু শ্ৰী শ্ৰী বদলা পদ্মআতা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত শ্ৰীশ্ৰীবদলা পদ্মআতাৰ ৪৭২ সংখ্যক জন্ম উৎসৱ আৰু সদৌ অসম ভাওনা সমাৰোহ উদযাপন উপলক্ষে আয়োজিত মুকলি সভাৰ আগতে মুখ্য মন্ত্ৰীয়ে এই আধাৰশিলা স্থাপন কৰে।

আনহাতে মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীশ্ৰীবদলা পদ্মআতা কলাক্ষেত্ৰৰ চৌহদ শীঘ্ৰে নিৰ্মাণৰ বাবে নগাঁও জিলা উপায়ুক্তক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলি কোৱাৰ লগতে নাৰায়নপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ অৰ্দ্ধনিমিত কাম শীঘ্ৰে সমাপ্ত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ত শ্ৰীশ্ৰীবদলা পদ্মআতাৰ নামত এখন আসন স্থাপনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও কয়।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জল-সম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াও বক্তব্য ৰাখে।

সভাত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, কেইবাগৰাকীও সত্ৰাধিকাৰ, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd