কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত অব্যাহত আছে ৰাজনৈতিক মাতব্বৰীৰাজ। দুৰ্নীতি-অনিয়মৰে গ্ৰামোন্নয়ন আঁচনিৰ কাম-কাজ চলাই অহা বুলি খোদ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধেই উঠিছে অভিযোগ।
কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বুঢ়াপাহাৰ চাহ বাগিচাত একাংশ চাহ শ্ৰমিকে লাভ কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে আঁচনিৰ নীতি-নিৰ্দেশনা উলংঘা কৰি পঞ্চায়তটোৰ সভাপতিয়ে নিজ ইচ্ছা অনুসৰি অব্যাহত ৰাখিছে গৃহ নিৰ্মাণৰ কাম-কাজ।
বিগত কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত পঞ্চায়তৰ আঁচনিৰ কাম ৰূপায়নৰ নামত লুণ্ঠন চলাই অহা কংগ্ৰেছী নেতা তথা আমগুৰি গাওঁ পঞ্চায়তৰ সভাপতি চত্ৰবাহাদুৰ থাপাই বিজেপি চৰকাৰৰ দিনতো অব্যাহত ৰাখিছে লুণ্ঠনৰাজ।
২০১২ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে হিতাধিকাৰীয়ে লাভ কৰা ইন্দিৰা আৱাস যোজনাৰ ছবিত দেখুউৱা গৃহটো আজিও নহ’ল সম্পূৰ্ণ। অভিযোগ মতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাকৈয়ে আত্মসাৎ কৰিলে হিতাধিকাৰীৰ বেংক একাউণ্টৰ ধন।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে গৃহ নিৰ্মাণৰ বাবে বেংক একাউণ্টৰ যোগেদি লাভ কৰা ধনৰাশি , হিতাধিকাৰীক হেঁচা প্ৰয়োগ কৰি উঠাই লয় পঞ্চায়ত সভাপতি থাপাই।
তাৰ পিচত এইদৰে নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে বিভাগীয় নীতি-নিৰ্দেশনাক আওকাণ কৰি হিতাধিকাৰীক নিৰ্মাণ কৰি দিয়ে এনে ধৰণৰ আৱাস গৃহ। আৱাসগৃহবোৰৰ বেৰৰ ইটা-গাঁথনিৰ পৰা দুৱাৰ-খিৰিকীৰ কাঠলৈকে সকলোতে ভেজাল।
সততে স্বচ্ছতা আৰু দুৰ্নীতি নোহোৱা কৰাৰ কথা কোৱা সোণোৱাল চৰকাৰে এনে দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে কি ব্যৱস্থা লয় তালৈ অপেক্ষা কৰিছে স্থানীয় ৰাইজে।