DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ জখলাবন্ধা-হাতীমুৰা সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন স্থানীয় ৰাইজৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 19, 2018 2:05 pm
IMG-20180619-WA0003
74
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ জখলাবন্ধাৰ পৰা হাতীমুৰা মন্দিৰ সংযোগী পথৰ দুৰাৱস্থাই এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক। যান-বাহনৰ কথাটো বাদেই পথটোৰে চাইকেল তথা খোজকাঢ়ি যোৱাৰো পৰিবেশ নাই। কেবল বোকা, পথ নহয় যেন পথাৰ হে।

বছৰ বছৰ ধৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ আহিছে হাতীমুৰাৰ এই মুল পথটো। কিন্তু শেহতীয়াকৈ, এই পথটো মেৰামতিৰ কামত তৎপৰ হৈছে গড়কাপ্তানী বিভাগ। বাৰিষাৰ সময়ত পথটো মেৰামতি কৰাৰ বাবেই সম্প্ৰতি এই দুৰাৱস্থা হৈছে।

উল্লেখ্য যে, হাতীমুৰাতে আছে অহোমৰ ৰাজত্বকালত নিৰ্মিত ঐতিহাসিক দুৰ্গা মন্দিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্ত-দৰ্শনাৰ্থী আহে হাতীমুৰাৰ দুৰ্গা মন্দিৰলৈ। পৰিতাপৰ বিষয় যে, আহোমৰ দিনতে প্ৰতিষ্ঠা কৰা মন্দিৰটোলৈ যোৱা এই পথটো আজিলৈকে পকীকৰণ নহ’ল। নিৰ্বিকাৰ জনপ্ৰতিনিধি, গড়কাপ্তানী বিভাগ তথা চৰকাৰ।

লক্ষ্যণীয়ভাৱে কিছুদিন পুৰ্বে ৰাজ্য চৰকাৰৰ নৱ নিযুক্ত গড়কাপ্তানী মন্ত্ৰীৰ তৎপৰতাতে বিভাগটোৱে আৰম্ভ কৰিছে হাতীমুৰা পথটোৰ নিৰ্মাণকাৰ্য।

কিন্তু, এনে এটা গুৰুত্বপুৰ্ণ পথৰ মেৰামতিৰ কাম বাৰিষাৰ সময়ত কৰাৰ ফলত বহু অসুবিধাৰ সন্মূখীন হৈছে স্থানীয় ৰাইজৰ লগতে মন্দিৰলৈ অহা দূৰ-দূৰণিৰ যাত্ৰীসকল। পথৰ দুৰাৱস্থাৰ ফলত যান-বাহনৰ যাতায়ত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে হাতীমুৰাত। পথৰ দুৰাৱস্থা প্ৰত্যক্ষ কৰি মন্দিৰ দৰ্শন নকৰাকৈয়ে উভতি গৈছে বহু দৰ্শনাৰ্থী।

যাতায়তৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱা অঞ্চলবাসীৰ এতিয়া এটাই প্ৰশ্ন, বাৰিষাৰ সময়চোৱাত কিয় পথটো নিৰ্মাণত হাত দিছে গড়কাপ্তানী বিভাগে?

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd