• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলেজ শিক্ষকৰ অৱসৰৰ বয়স ৬৫ লৈ বৃদ্ধি কৰাৰ দাবী

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , January 26, 2018 8:47 pm

2 min read

কলেজ শিক্ষকৰ অৱসৰৰ বয়স ৬৫ লৈ বৃদ্ধি কৰাৰ দাবী
81
VIEWS
Share on FacebookShare on Twitter

অসম কলেজ শিক্ষক সংস্থাৰ দৰং-ওদালগুৰি মণ্ডলে ইয়াৰ পঞ্চম বাৰ্ষিক সন্মিলনৰ সময়ত আন কেইবাটাও সিদ্ধান্তৰ লগতে কলেজ শিক্ষকৰ অৱসৰৰ বয়স ৬৫ লৈ বৃদ্ধি কৰাৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ লগতে তেওঁলোকে চৰকাৰৰ ওচৰত কলেজ শিক্ষক সকলৰ প্ৰাপ্য ওঠৰ মাহৰ বকেয়া ধন ২০০৬ চনৰ জানুৱাৰিৰ পৰা ২০১৭ জুন পৰ্য্যন্ত মুকলি কৰি দিয়া, ৫০০০ হাজাৰৰ পৰা ৮০০০ হাজাৰ টকা পাই থকা সহকাৰী অধ্যাপকসকলৰ পদসমূহ নিয়মীয়া কৰাৰ দাবী তুলিবলৈ সিদ্ধান্ত কৰে। এই সিদ্ধান্ত লোৱা হয় সন্মিলনৰ মাজতে অনুষ্ঠিত কাৰ্য্য নিৰ্বাহক সভাত।

আনহাতে কালি দিনটীয়াকৈ পতা বাৰ্ষিক সন্মিলনখনৰ কাৰ্য্যসূচীত উপস্থিত আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী। তেওঁ সভাৰ মুকলি সভাত কলেজ শিক্ষকসকলৰ অভাৱ-অভিযোগবোৰ য়ু জি চি আৰু ৰাজ্য চৰকাৰৰ নৰ্মছ অনুসৰি সমাধানৰ চেষ্টা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। সন্মিলনৰ মাজতে ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লিউক দৈমাৰী আৰু মন্ত্ৰী ৰিহন দৈমাৰীয়ে অনুষ্ঠানটোৰ বাৰ্ষিক পত্ৰিকা জ্ঞানম উন্মোচন কৰে। মুকলি সভাখনত সভাপতিত্ব কৰিছিল অনুষ্ঠানটোৰ সভাপতি ড০ প্ৰণৱ কুমাৰ শৰ্মাই।

সন্মিলনখনত বিশিষ্টা লেখিকা তথা বড়ো সাহিত্যত ২০১৭ চনৰ সাহিত্য অকাডেমি বঁটা পোৱা ড০ ৰীতা বড়োক সম্বৰ্ধনা জনোৱা হয়। লগতে মণ্ডলটোৰ শ্ৰেষ্ঠ স্নাতকসকলকো

আনহাতে সন্মিলনতে অসম কলেজ শিক্ষক সংস্থাৰ এখন নতুন মাণ্ডলিক কমিটিও ২০১৮ চনৰ বাবে গঠন কৰা হয়। এই কমিটিৰ সভাপতি হয় খাৰুপেটীয়া কলেজৰ দীপক কলিতা, টংলা কলেজৰ ঘাটেশ্বৰ বৰুৱা উপ-সভাপতি আৰু ছিপাঝাৰ কলেজৰ ড০ দুলেন্দ্ৰ নাথ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।

Recent News

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

Biswanath

আত্মীয়ৰ ঘৰলৈ বুলি যাত্ৰা কৰা বিশ্বনাথৰ এজন বৃদ্ধ সন্ধানহীন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd