• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

কেন্দ্ৰই নাগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ বাবে আগ্ৰহীঃ ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 1:02 pm
বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবা দশক ধৰি সমাধান নোহোৱা নাগা সমস্যা সমাধানৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এটা সমাধানৰ বাট মুকলি কৰাৰ বাবে সদায় আগ্ৰহী বুলি মত পোষন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে।

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে নাগা চুক্তি সমাধানৰ বিষয়টোত পৰ্যাপ্ত পৰিমানৰ অগ্ৰগতি লোৱা বুলি ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত প্ৰকাশ কৰিছে। তদুপৰি নাগালেণ্ডৰ শাসনাধিষ্ঠ দল নাগা পিপলছ ফ্ৰণ্ট(এন পি এফ)ৰ লগত বিজেপিৰ সম্পৰ্কত ফাঁট মেলিছে যদিও ৰাষ্ট্ৰীয় দলটোৱে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত স্থিৰতা বিচাৰিছে।

Apply Now

ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে জনোৱা অনুসৰি বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনৰ বাবে সকলো ধৰণৰ বাট মুকলি কৰি ৰাখিছে। ‘আমি ৰাজ্যখনত এখন স্থিৰ আৰু উন্নয়নমূলক মনোভাবৰ চৰকাৰ বিচাৰো,’ ৰাষ্ট্ৰীয় বাতৰিকাকতখনৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত এই দৰে কয় মাধৱে। ইয়াৰ উপৰি উক্ত সাক্ষাতকাৰৰ সময়তে নেতাজনে কয় যে আমি ৰাজ্যখনত নাগা সমস্যা সমাধান কৰা এখন চৰকাৰ গঠন হোৱাৰ কামনা কৰো।

এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নাগালেণ্ডত বিজেপিয়ে নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী(এন ডি পি পি)ৰ সৈতে সহযোগিতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে। লক্ষ্যণীয় যে তিনিটা কাৰ্যকালৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিও ৰিঅ’ই এন পি এফ দল ত্যাগ কৰি কিছুদিন পূৰ্বে এন ডি পি পিত যোগদান কৰিছিল। স্মৰ্তব্য যে বিজেপিয়ে এতিয়ালৈ কোনো এখন ৰাজ্যৰে মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই।

সাক্ষাতকাৰৰ সময়ত ৰাম মাধৱে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে তিনিখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰা নিৰ্বাচন বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। তদুপৰি তেওঁ মন্তব্য কৰে যে চি পি আই(এম) নেতৃত্বাধীন মানিক সৰকাৰৰ শাসন কালত ত্ৰিপুৰাৰ উন্নয়ন ৰেখা বেয়াকৈ তললৈ ধাৱমান হৈছে।

ত্ৰিপুৰাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দেশবাসীয়ে সাক্ষী হৈ ৰ’ব বিজেপি আৰু বাম মৰ্চাৰ মাজৰ পোনপটিয়া যুঁজৰ।

আনহাতে মানিক সৰকাৰ নেতৃত্বাধীন ত্ৰিপুৰাত এতিয়াও চতুৰ্থ দৰমহা আয়োগ প্ৰৱৰ্তন হৈ থকা কাৰ্যক গৰিহনা দিছে ৰাম মাধৱে। ‘ত্ৰিপুৰাত আমাৰ চৰকাৰ গঠন হোৱাৰ ২৪ ঘণ্টা পিছতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ হিচাপে সপ্তম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিম,’ এই কথা ব্যক্ত কৰে ৰাষ্ট্ৰীয় সম্পাদকজনে।

তদুপৰি ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চ(Indigenous People’s Front of Tripura)ৰ সৈতে মিত্ৰতা কৰা বিজেপিয়ে খিলঞ্জীয়া লোক সকলৰ সামাজিক-অৰ্থনৈতিক উন্নয়নৰ পক্ষত সদায় থিয় দিব বুলিও ৰাম মাধৱে সাক্ষাতকাৰৰ জৰিয়তে প্ৰকাশ কৰে।

উক্ত সাক্ষাতকাৰৰ সময়তে তেওঁ আশা প্ৰকাশ কৰি কয় যে অইন বছৰৰ নিৰ্বাচনৰ তুলনাত এইবাৰৰ মেঘালয়ৰ নিৰ্বাচনত বিজেপিয়ে অধিক সংখ্যক আসন লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd