বহুবল্কী তথা বিতৰ্কিত হিচাপে পৰিচিত বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাডিয়াই শেহতীয়াকৈ অসমৰ বাংলাদেশীৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা এক পত্ৰই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
বিতৰ্কিত পত্ৰখনত প্ৰবীণ ভাই টোগাডিয়াই কয়- ‘অসমৰ পৰা বাংলাদেশী বিতাড়ন কৰিব বুলি আৰএছএছ, বিজেপি আৰু ভিএইচপিয়ে বহু বছৰ পূৰ্বৰে পৰা কৈ আহিছে।এতিয়া কেন্দ্ৰ আৰু অসমত বিজেপিৰ চৰকাৰ চলি আছে।কিন্তু ইয়াৰ পাছতো অসমত বাংলাদেশী সকলে কেৱল শান্তিৰে বাস কৰি থকাই নহয়, ১৯টাকৈ বিধানসভা সমষ্টি তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে। অসমত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইয়ুডিএফে ১৯টাকৈ বিধানসভা সমষ্টি নিজৰ নিয়ন্ত্ৰণলৈ অনাটো যথেষ্ট চিন্তাজনক বুলিও পত্ৰখনত উল্লেখ কৰে ক্ষোভ প্ৰকাশ কৰে টোগাডিয়াই।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত আন এক বিস্ফোৰণ কৰি টোগাডিয়াই কয় যে কেৱল অসমতে নহয়, বৰং উত্তৰ-পূবৰ ভিন্ন অঞ্চলত বসবাস কৰি থকা কাৰ্বি, বড়ো আৰু অন্যান্য জনজাতীয় লোকসকলে বাংলাদেশী মূলৰ লোকৰ অত্যাচাৰৰ ফলত নিজৰ গৃহভূমি এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।
তদুপৰি একেখন পত্ৰতে ৰহিংগীয়া মুছলমানৰ অবাধ প্ৰব্ৰজনে দেশৰ অখণ্ডতাৰ বাবে এক ভাবুকি বুলি উল্লেখ কৰি এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে।
সম্প্ৰতি প্ৰবীণ ভাই টোগাডিয়াৰ এই বিতৰ্কিত চিঠিখনক লৈ সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ।