• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰ, ৰাজ্য উভয়তে বিজেপি চৰকাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে : হিন্দু যুৱ ছাত্ৰ পৰিষদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 18, 2018 9:18 pm
hindu yuva chatra vs modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমানৰ বিজেপি ( BJP ) নেতৃত্বাধীন চৰকাৰখনৰ ভূমিকাক কঠোৰ সমালোচনা কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই। আজি ১৮ মে’ত বৰপেটাত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বৈশ্যই বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজক সমালোচনা কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে।

সভাপতিগৰাকীয়ে কয় যে ২০১৬ৰ ১৬ মে’ৰ পিচত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে দিয়া ঘোষণা এতিয়া ফোঁপোলা চুঙাত পৰিণত হৈছে।

Apply Now

আনহাতে হিমন্ত বিশ্ব শৰ্মাই ২৬ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়াও ধোঁৱাচাঙত উঠিছে বুলি বৈশ্যই মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰখনৰ দিনত কিমানখন সত্ৰৰ বেদখলকৃত ভূমি উদ্ধাৰ হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে বৈশ্যই।

যোৱা আঠ এপ্ৰিলত বাংলাদেশৰ ৰাষ্ট্ৰপতি আহি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বাংলাদেশৰ পৰা অসমলৈ অনুপ্ৰৱেশ ঘটা নাই বুলি কোৱাৰ পিচতো জাতীয় নায়কগৰাকীযে মৌনতা অৱলম্বন কৰাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। কিহৰ বাবে এই মৌনতা  বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্য সঁচা নে মিছা তাক স্পষ্ট কৰিবলৈ দাবী জনায়।

পৰিষদৰ সভাপতিগৰাকীয়ে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ হিন্দু-মুছলমান সকলো অবৈধ বিদেশীকে বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য, ২০১৬ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এখন নিৰ্বাচনী সভাত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা বদৰুদ্দিন আজমল আজি পৰ্যন্ত আটক নোহোৱাটো দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰে বৈশ্যই।

উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে বাঘবৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে মোডীৰ নেতৃত্বত হিন্দুসকল একত্ৰিত হৈছে, এতিয়া মুছলিমসকল একত্ৰিত হ’ব লাগে বুলি মন্তব্য কৰিছিল। আজমলৰ এই মন্তব্যৰ প্ৰতিবাদত এ আই ইউ ডি এফৰ নেতাগৰাকীৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই গুৱাহাটীৰ গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ১৫৩, ১৫৩(এ), ২৯৫(এ) ধাৰাৰ অধীনত ৫১/১৬ নম্বৰত এটি গোচৰ ৰুজু কৰে। এই গোচৰটোৰ সংক্ৰান্ততে বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জবানবন্দী গ্ৰহণৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই আজি বাঘবৰ থানাত উপস্থিত হৈছিল।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ পৰিৱৰ্তে ১৯৫১ চন হ’ব লাগে বুলি মন্তব্য কৰি কয় যে, ১৯৭১ চনৰ বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু ৮৫৫ গৰাকী অসমীয়া ছহিদ হোৱা নাছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দিল্লীৰ হেঁচাত ১৯৭১ চন মানি লৈছিল বুলি কৰা মন্তব্যক কটাক্ষ কৰি পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, অসম চুক্তি হোৱাৰ পূৰ্বে একাংশ জাতীয়তাবাদী চিন্তাধাৰাৰ লোকে ১৯৭১ চনৰ বিৰোধিতা যদি কৰিব পাৰে তেনেহ’লে প্ৰফুল্ল কুমাৰ মহন্তই কিয় নোৱাৰিলে। ইয়াৰ অন্তৰালত প্ৰফুল্ল কুমাৰ মহন্তৰ অসমৰ ৰাজপাট দখল কৰাৰ কু-অভিসন্ধি লুকাই আছিল বুলি মন্তব্য কৰে।

বলেন বৈশ্যৰ সৈতে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ গোঁহাই, মুখ্য সাংগঠনিক সম্পাদক বিনয় নাথ, সহকাৰী সাধাৰণ সম্পাদক জয়দেৱ হাজৰিকা, বৰপেটা জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd