DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰিমগঞ্জৰ ষাঠিৰোৰ্ধ্বৰ নিৰক্ষৰ ৰিক্সাচালক আহমেদ আলীয়ে পাতিলে ন খনকৈ বিদ্যালয়; সঁচানে জানিবলৈ আৰক্ষী অধীক্ষকক ফ’ন প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ

শিবাশিস চক্ৰবৰ্তী by শিবাশিস চক্ৰবৰ্তী
March 25, 2018 9:25 pm
ahmed ali rickshaw puller, educationist

আহমেদ আলী

105
VIEWS
Share on FacebookShare on Twitter

আত্মকেন্দ্ৰিকতাই চৌপাশ আৱৰি ধৰাৰ পৰত বয়সৰ লেখেৰে ষাঠিৰ ঊৰ্ধ্বৰ আহমেদ আলী নামৰ কৰিমগঞ্জ পাথাৰকান্দিৰ এজন নিৰক্ষৰ ৰিক্সাচালকে বিৰল দৃষ্টান্তৰে নিজা প্ৰচেষ্টাত এতিয়ালৈকে স্থাপন কৰিলে ন খনকৈ বিদ্যালয়। ৰিক্সাচালকজনৰ অনন্য জীৱন এতিয়া বৰাক উপত্যকাত পৰিণত হৈছে লোক-কাহিনীত।

শ্ৰমজীৱী মানুহ এজনৰ এই ‘অবিশ্বাস্য’ বৰঙনিৰ সত্যাসত্য জানিবৰ বাবে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকলৈ যোৱা বৃ্হস্পতিবাৰে ফ’ন আহিল প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ। সুধিলে আহমেদ আলীয়ে সঁচাকৈয়ে পাতিছেনে ইমানবোৰ বিদ্যালয়!

অন্তৰত অনুভৱ কৰা আল্লাৰ আহ্বানতে বিদ্যালয়সমূহ স্থাপন কৰা বুলি জানিবলৈ দি আহমেদ আলীয়ে ক’লে যে তেওঁৰ কামৰ বাবে এতিয়া চৰকাৰৰ প্ৰধান মন্ত্ৰী পৰ্য্যায়ৰ পৰা প্ৰেৰণা পাই তেওঁ বিশেষভাৱে সন্তোষ পাইছে।

দৰিদ্ৰতাৰ বাবে পঢ়া-শুনা কৰিবলে সুযোগ নোপোৱা আলীয়ে নিজ গাওঁ মধুৰবন্দত থকা তেওঁৰ এটুকুৰা মাটি বেচি ১৯৭৮ চনত পাতিছিল প্ৰথমখন নিম্ন বুনিয়াদী বিদ্যালয়।

তেওঁ নিজে পঢ়াৰ সুবিধা নাপালে, কিন্তু তেওঁৰ দৰে পঢ়াৰ সুবিধা নোপোৱাকে নাথাকক কোনো দৰিদ্ৰ শিশু- এয়ে তেওঁৰ আশা। তেওঁৰ পৰৱৰ্তী লক্ষ্য এখন কলেজ স্থাপন।

আলীয়ে লগতে জনালে যে এমেৰিকা, য়ুকে’ আৰু আন বিভিন্ন দেশৰ পৰাও তেওঁ প্ৰেৰণাদায়ক বহু ফ’ন পাইছে।

প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ ফ’নৰ কথা গম পাই পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে আনন্দ প্ৰকাশ কৰি ক’লে যে আলীক লৈ তেওঁ গৌৰৱান্বিত। বিধায়কগৰাকীয়ে লগতে জনালে যে আলীয়ে পতা বহুকেইখন বিদ্যালয় তেওঁ ইতিমধ্যে পৰিদৰ্শন কৰিছে আৰু সাহায্যও প্ৰদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ১১ লাখ টকা স্থানীয় বিধায়কগৰাকীয়ে ইতিমধ্যে আলীয়ে পতা উচ্চ মাধ্যমিক বিদ্যালয়খনলৈ আগবঢ়াইছে।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd