• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গঁড় হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2018 12:36 pm

2 min read

Mrinal Saikia
72
VIEWS
Share on FacebookShare on Twitter

এইবাৰ গঁড় হত্যাকাণ্ডৰ প্ৰতি সৰৱ হোৱা দেখা গ’ল  শাসকীয় দলৰে এগৰাকী বিধায়কক। খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই অভাৱনীয় হাৰত বৃদ্ধি পোৱা গঁড় হত্যাৰ বাবে দোষাৰোপ কৰিলে বনবিভাগক। বনবিভাগৰ চৰম ব্যৰ্থতাৰ বাবেই যোৱা দুই তিনিমাহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে ৪ টাকৈ গঁড় হত্যা কৰিবলৈ সক্ষম হ’ল।

বনবিভাগক দোষাৰোপ কৰি শাসকীয় দলৰ বিধায়ক জনে উল্লেখ কৰে যে, বন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিতে চোৰাং চিকাৰীয়ে বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খড়্গ কাটি উধাও হয়।

‘গঁড় হত্যা ৰোধ কৰাৰ বিপৰীতে এই বন বিষয়াসকল বৰ্তমান ব্যস্ত আছে শিল-বালি মহলত। তেওঁলোকে শিল-বালি ছিণ্ডিকেট থকা ঠাইত কাম কৰি ভাল পায়। কিয়নো তাত অসৎ পথেৰে টকা উপাৰ্জন কৰিব পাৰে। যাৰবাবে বন তথা বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত তেঁওলোকৰ গুৰুত্ব কম’, এনেদৰে তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায় বিধায়ক শইকীয়াক।

বনবিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ বনকৰ্মী আৰু বনবিষয়াৰ বাবেই বন্যপ্ৰাণী হত্যা ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে বনবিভাগ। দেওবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় বিধায়ক মৃণাল শইকীয়াক।

আনহাতে কৰ্তব্যত গাফিলতি কৰা বন বিষয়া তথা কৰ্মচাৰীসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি গ্ৰহণৰো পোষকতা কৰে বিধায়কজনে।

ইফালে বন বিভাগে গঁড় হত্যা ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে কাজিৰঙা আঞ্চলিক ছাত্ৰ সন্থা সমিতিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। প্ৰতিবাদৰ সময়ত ছাত্ৰ সংগঠনটোৰ সদস্যই বিভিন্ন শ্লোগান দিয়াও পৰিলক্ষিত হয়।

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd