DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনি ৰূপায়ণ সন্দৰ্ভত মুখ্য মন্ত্ৰী বীৰেন সিঙৰ পৰ্যালোচনা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 9:43 am
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

86
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ সৰ্বসাধাৰণ ৰাইজক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দি তেওঁলোকৰ প্ৰয়োজন আৰু সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্যখনৰ সকলো শীৰ্ষ পৰ্যায়ৰ বিষয়াকে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ কেবিনেট হলত সোমবাৰে অনুষ্ঠিত হোৱা ‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনিৰ এখন পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে।

পৰ্যালোচনা সভাখনত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, প্ৰশাসনীয় সচিবৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকল উপস্থিত আছিল।

জনসাধাৰণৰ আশা, সমস্যা আৰু প্ৰয়োজন সমূহ পূৰণৰ বাবে ‘গাৱলৈ বলক’ শীৰ্ষক আঁচনিখন ৰূপায়ণ কৰা হোৱা বুলি আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী বীৰেন সিঙে জানিবলৈ দিয়ে।

তেওঁ লগতে জনসাধাৰণৰ সমস্যা সমূহ বুজ লোৱা তথা স্তব্ধ হৈ থকা আঁচনি সমূহ এমাহৰ ভিতৰত কাৰ্যক্ষম কৰি তুলিবলৈ অতি শীঘ্ৰে ব্যৱস্থা ল’বলৈও আলোচনাত উপস্থিত থকা বিষয়াসকলক আহ্বান জনায়।

‘গাঁৱলৈ বলক’ শীৰ্ষক আঁচনিখন সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলো বিষয়াকে মুখ্য মন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। আৰু আলোচনাত উপস্থিত থকা বিষয়াসকলৰ পৰা এই আঁচনিখন সম্পৰ্কত বিভিন্ন পৰামৰ্শৱলীও গ্ৰহণ কৰে।

উল্লেখ্য যে ৰাজ্যখনৰ সকলো জনসাধাৰণৰে তথা দুৰ্গম অঞ্চলসমূহৰ উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা ১ মে’ত এই আঁচনিখন শুভাৰম্ভ কৰিছিল।

মণিপুৰৰ সকলো গাঁৱকে এই আঁচনিৰ অধীনত সামৰি লোৱাৰ উদ্দেশ্যে তেওঁলোকৰ অভাৱ অভিযোগ সমূহ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে সপ্তাহৰ প্ৰতিটো মঙলবাৰে চৰকাৰৰ তত্বাৱধানত এটা শিবিৰৰ আয়োজন কৰিব।

মন কৰিবলগীয়া যে আঁচনিখনৰ উদ্বোধনৰ দিনাই ৰাজ্যবাসীৰ পৰা ৬০,৩৩৯ খন আবেদন লাভ কৰিছিল আৰু ইয়াৰে ২১,৩৫৩ খন আবেদনৰ গোচৰ উক্ত দিনাই গৃহীত কৰা হৈছিল।

Recent News

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd