• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱহাটীত ফুটবল উৎসৱেৰে সামৰণি পৰিল ‘প্ৰিমিয়াৰ স্কিলছ’ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম

NE NOW NEWS এন ই নাও নিউজ
গুৱহাটী , March 19, 2018 3:31 pm

2 min read

premier skill
125
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটিছ কাউঞ্চিল আৰু প্ৰিমিয়াৰ লীগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সপ্তাহযোৰা ফুটবল প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সামৰণি পৰিছে।  ‘প্ৰিমিয়াৰ স্কিলছ’ৰ মুৰব্বী জেৰ’মি উইকছৰ উপস্থিতিত গুৱাহাটীত ১২-১৬ মাৰ্চলৈকে এই পাঠ্যক্ৰমটোৰ আয়োজন কৰা হৈছিল। জেৰ’মি উইকছে প্ৰকাশ কৰিছে যে ভাৰতক বৰ্তমান বহুতো গুণ-সম্পন্ন প্ৰশিক্ষকৰ প্ৰয়োজন হৈছে।

‘প্ৰিমিয়াৰ স্কিলছ’ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সদ্য-সমাপ্ত প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীটোত প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীৰ সৈতে ১২ গৰাকী মহিলাসহ মুঠ ৬২গৰাকী অংশগ্ৰহণকাৰী প্ৰশিক্ষকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰে। শেষৰ দিনা এখন ফুটবল উৎসৱৰো আয়োজন কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলক ‘ফুটবলৰ কঠিয়াতলী’ হিচাপে গণ্য কৰি উইকছে কয়, ‘ইণ্ডিয়ান ছুপাৰ লীগ আৰু বিশ্বকাপ  (ফিফা-১৭ অনূৰ্ধ) গঠন হোৱাৰ পিছত ভাৰতত কম বয়সীয়া ল’ৰা-ছোৱালীয়েও অতি আগ্ৰহেৰে ফুটবল চোৱা আৰম্ভ কৰিছে। সেয়েহে তেওঁলোকক প্ৰশিক্ষকৰ প্ৰয়োজন আৰু ভাৰতৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ। নতুন প্ৰজন্মৰ বাবে  যিমানেই অধিক প্ৰশিক্ষকৰ প্ৰয়োজন, সিমানেই প্ৰয়োজন প্ৰশিক্ষক প্ৰশিক্ষকৰ। আৰু সেয়েহে প্ৰিমিয়াৰ লীগ, ব্ৰিটিছ কাউঞ্চিল, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু সৰ্ব-ভাৰতীয় ফুটবল ফেডাৰেশ্যন এক গোট হৈছে।‘

তেওঁ আৰু কয় যে তেওঁ ভাৰতক অহাৰ পিছত বিগত ৬ বছৰৰ পৰা ফুটবলৰ প্ৰতি মানুহৰ আৱেগিক টান বাঢ়ি আহিছে।ভাৰতৰ উঠি অহা চামে এই খেলটো খেলিবলৈ ধৰাৰ বাবে অধিক প্ৰশিক্ষকৰ প্ৰয়োজন হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত উইকছে সদৰি কৰিছে।

জেৰ’মি উইকছক সহযোগিতা কৰিছিল টটেনহাম হটছপাৰ ফাউণ্ডেশ্যনৰ আইজাক হামণ্ড আৰু মানচেষ্টাৰ চিটি ফুটবল ক্লাবৰ এটা অংশ ‘চিটি ইন দ্য কমিউনিটি’ৰ  নয়াম নোলানে।

চলিত বছৰক ব্ৰিটিছ কাউঞ্চিলৰ ৭০ সংখ্যক বৰ্ষ উদযাপন বৰ্ষ হিচাপে অভিহিত কৰি  ব্ৰিটিছ কাউঞ্চিল ইষ্ট এণ্ড নৰ্থ-ইষ্ট ইণ্ডিয়াৰ সঞ্চালক দেবাঞ্জন চক্ৰবৰ্তীয়ে প্ৰকাশ কৰিছে যে ক্ৰীড়া আৰু ইংৰাজী ভাষা শিক্ষা, শিক্ষা, সংস্কৃতিৰ মাজেৰে ব্ৰিটিছ কাউঞ্চিলে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যথেষ্ট মনোযোগ দিছে। প্ৰিমিয়াৰ লীগ, ছাই, এ আই এফ এফ, ড’নাৰ আৰু বিশেষকৈ এল এন পি ইয়ে  ব্ৰিটিছ কাউঞ্চিললৈ আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁ সেই  সমূহ সংস্থালৈ ধন্যবাদ ।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd