• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অচিৰেই আৰম্ভ হ’ব ৱাটাৰ টেক্সি সেৱা : পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 1:08 pm
River taxi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত অচিৰেই ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ হ’ব ৱাটাৰ টেক্সি সেৱা। মহানগৰীৰ মাছখোৱাত আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ নতুন পাৰঘাট (লাচিত ঘাট) দেওবাৰে মুকলি কৰে পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।  ঘাটটো মুকলি কৰাৰ পাছত ব্ৰহ্মপুত্ৰৰ মাজত এখন জাহাজত সংবাদমেল আয়োজন কৰি তেওঁ ব্ৰহ্মপুত্ৰত  টেক্সি সেৱা আৰম্ভ কৰাৰ বাবে অ’লাৰ লগত প্ৰাৰম্ভিক কথা-বতৰা হোৱা বুলি জানিবলৈ দিয়ে।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই ৱাটাৰ টেক্সি সেৱা ফেন্সি বজাৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ, উত্তৰ গুৱাহাটী, পলাশবাৰী আৰু বিভিন্ন ঠাইত আৰম্ভ কৰিব। এই ৱাটাৰ টেক্সিৰ জৰিয়তে মহানগৰীৰ পৰা মাত্ৰ ১৫ মিনিটত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব পাৰিব য’ত স্থল পথেৰে ১ ঘণ্টাতকৈ অধিক সময়ৰ প্ৰয়োজন হয়। আনহাতে উত্তৰ গুৱাহাটীলৈ ২-৩ মিনিট, পলাশবাৰীত ১২ মিনিটত উপস্থিত হ’ব পাৰিব। নিশাৰ ভাগতো ব্ৰহ্মপুত্ৰৰ বুকুত এই টেক্সি সেৱা চলি থাকিব।

Apply Now

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬খন ৰ’ ৰ’ (roll on-roll off) আবণ্টন দিছে।  এই ৰ’ ৰ'(roll on-roll off) কেইখন সাগৰ পথেৰে অসমলৈ আহি আছে।  ইতিমধ্যে এখন ৰ’ ৰ'(roll on-roll off) অসমত আহি উপস্থিত হৈছে।  বাকীকেইখনো এই বছৰৰ ভিতৰতে অসম পাবহি।  প্ৰত্যেকখন ৰ’ ৰ’য়ে সমগ্ৰীসহ ১০ খন ট্ৰাক আৰু ২০০ যাত্ৰী কঢ়িয়াব পাৰিব।  অত্যাধুনিক ৰ’ ৰ’কেইখন গুৱাহাটী, মাজুলী, ধুবুৰী, ডিব্ৰুগড়, আৰু ত্ৰিপুৰাত ৰখা হ’ব।

তাৰোপৰি পাটোৱাৰীয়ে কয় যে,  ‘একে সময়তে কেন্দ্ৰৰ পৰা অতিৰিক্তভাৱে ৫৬খন ফ্ল’টিং টাৰ্মিনেল অতিৰিক্তভাৱে বিচৰা হৈছে।  কেন্দ্ৰীয় চৰকাৰে টাৰ্মিনেলৰ বাবে অতিৰিক্ত ৩১ কোটি টকাৰ অনুমোদন দিছে।  তদুপৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত আৰু ১১খন জাহাজ অহা জুলাই মাহত যাত্ৰীৰ  বাবে মুকলি কৰি দিয়া হ’ব।  একে সময়তে পুৰণি ইঞ্জিনবোৰৰ শক্তি বৰ্ধনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগৰ অধীনত ‘জীৱন ডিঙা’ নামৰ এখন আঁচনি মুকলিৰ বিষয়েও ঘোষণা কৰে।  এই আঁচনিৰ জৰিয়তে কোনো নিবনুৱা যুৱক-যুৱতীয়ে জাহাজ বনাব বিচাৰিলে ৩০ শতাংশ ৰাজসাহায্য লাভ কৰিব।  ৰাজসাহায্যৰ পৰিমাণ সৰ্বনিম্ন ১ লাখ আৰু সৰ্বোচ্চ ৩ লাখ টকা হ’ব।  মহিলা উদ্যোগীৰ বাবে ৰাজসাহায্যৰ পৰিমাণ ৩৫ শতাংশ হ’ব।

সংবাদমেলত তেওঁ লগতে কয় যে, ‘জাহাজ চলাবৰ বাবে চালকসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন।  এইক্ষেত্ৰত ইচ্ছুক যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণো দিয়া হ’ব।  তদুপৰি অসম চৰকাৰৰ ২২ খনকৈ মালবাহী জাহাজ বৰ্তমান পশ্চিমবংগ আৰু হালদিয়াত ভাৰাত দি থোৱা গৈছে।  এই জাহাজকেইখনৰ পৰা চৰকাৰে সামান্য পৰিমাণৰ ভাৰাহে লাভ কৰি আছে।  গতিকে  জাহাজকেইখন অসম চৰকাৰে  ওভতাই আনিব আৰু নিজাববীয়াকৈ চলাচল কৰিব।  ধুবুৰী আৰু গুৱাহাটীৰ মাজত ২খন ডাঙৰ মালবাহী জাহাজ চলাচলৰ ব্যৱস্থা কৰা হ’ব।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd