• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিটুমিন আৰু বৰ্জ্য প্লাষ্টিক মিশ্ৰণেৰে পথ নিৰ্মাণৰ পাইলট প্ৰজেক্ট উদ্বোধন গড়কাপ্তানি মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2018 3:47 pm

2 min read

L-570x320
99
VIEWS
Share on FacebookShare on Twitter

অসমৰ গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিটুমিনৰ সৈতে বৰ্জ্য প্লাষ্টিক মিহলাই পথ নিৰ্মাণৰ এটা পাইলট প্ৰজক্ট উদ্বোধন কৰিছে। এই প্ৰকল্পৰ অধীনত কাহিলীপাৰা-দখিণগাঁও ডন বস্কো পথত  ১০০ মিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ কৰা হ’ব।

নংকিনজাং গাঁৱত বৰ্জ্য প্লাষ্টিকেৰে ১ কি:মি: পথ নিৰ্মাণ কৰি নজিৰ সৃষ্টি কৰা মেঘালয়ৰ পদাংক অনুসৰণ কৰি অসমত এই ধৰণৰ প্ৰথমটো প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে।

কাহিলীপাৰা-দখিণগাঁও ডন বস্কো পথত গড়কাপাপ্তানি বিষয়াসকলৰ উপস্থিতিত এই প্ৰকল্পটো উদ্বোধন কৰা হয়।

এই নতুন পদ্ধতিটোৱে পথসমূহ দীৰ্ঘম্যাদী কৰা, নিৰ্মাণ ব্যয় হ্ৰাস কৰা, পৰিৱেশ সংৰক্ষণ আদি বহু কেইটা উদ্দেশ্য সাধন কৰিব।

ড০ শৰ্মাই কৈছে যে অত্যাধিক বৰষুণ হোৱা অসমৰ পৰিৱেশত এই পদ্ধতি অতি উপযোগী। অসমত ধাৰাসাৰ বৰষুণে ৰাস্তা নষ্ট কৰি পেলায়। যদিহে পাইলট প্ৰজেক্টটো সফল হয় তেন্তে অসমত সকলো বাট-পথ নিৰ্মাণ কৰোঁতে এই পদ্ধতি ব্যৱহাৰ কৰা হ’ব।

এটা বেচৰকাৰী সন্থাই চলোৱা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে গুৱাহাটীত প্ৰতি দিনে ২২,০০০ কেজি প্লাষ্টিক বৰ্জ্য উৎপাদন হয়। পৰিৱেশবাদীসকলে প্ৰকাশ কৰিছে যে এই বৰ্জ্যসমূহৰ মাথোঁ ৬০ শতাংশহে পুনৰ ব্যৱহাৰ কৰা হয়। বাকীখিনি জাবৰৰ দ’মত পেলাই থৈ দিয়া হয় অথবা পুতি থোৱা হয়। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ পৰে।

প্লাষ্টিক প্ৰদূষণে বন্যপ্ৰাণী, জলজ প্ৰাণী আৰু সিহঁতৰ বাসভূমিত বিৰূপ প্ৰভাৱ পেলায়। য’তে ত’তে পেলাই দিয়া প্লাষ্টিকে নলা-নৰ্দমা বন্ধ কৰি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে।

এই পাইলট প্ৰজেক্টটো উদ্বোধন কৰি ড০ শৰ্মাই  কয় যে বৰ্জ্য প্লাষ্টিক আৰু বিটুমিনাছৰ মিশ্ৰণেৰে অধিক বহনক্ষম শক্তিশালী বাট-পথ নিৰ্মাণ কৰিব পাৰি। এই মিশ্ৰণ পানীৰোধী, ছিদ্ৰ হ্ৰাস কৰে আৰু পথত গাঁতৰ পৰিমাণ হ্ৰাস কৰে। এই পদ্ধতিত বৰ্জ্য প্লাষ্টিকৰ পেলোৱা সমস্যাটো নোহোৱা হোৱাৰ উপৰিও নিৰ্মাণ ব্যয় আৰু মেৰামতি ব্যয় হ্ৰাস কৰে।

হিচাপ অনুসৰি, ৩.৭৫ মিটাৰ বহল ৰাস্তাৰ প্ৰতি কি:মি: নিৰ্মাণত ৰাহি হোৱা বিটুমিনৰ পৰা  ২১,০০০ টকা ৰাহি হ’ব।

উল্লেখ্য যে ২০১৫ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰ চৰকাৰে ৰাস্তা নিৰ্মাণত বিটুমিনাছৰ সৈতে বৰ্জ্য প্লাষ্টিকৰ মিশ্ৰণ বাধ্যতামূলক কৰিবলৈ এটা নিৰ্দেশ জাৰী কৰিছিল। দেশখনত ক্ৰমে বাঢ়ি অহা বৰ্জ্য প্লাষ্টিক সমস্যাৰ পৰা ৰেহাই পোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

এই প্ৰযুক্তিটোৰ উদ্ভাৱন কৰিছে মাদুৰাইৰ থিয়াগাৰাজাৰ কলেজ অব ইঞ্জিনীয়াৰিঙৰ ৰসায়নবিদ্যা বিভাগৰ অধ্যাপক ভাৰতৰ প্লাষ্টিক মানৱ ৰাজাগোপালন বাসুদেৱনে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd