• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

‘চলো পালটাই’ শ্লোগানেৰে ত্ৰিপুৰা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে

NE NOW NEWS পিনাকী দাস
আগৰতলা , January 7, 2018 9:48 pm

2 min read

অমিত শ্বাহ
79
VIEWS
Share on FacebookShare on Twitter

‘চলো পালটাই’ ‘চলো পালটাই’ এই শ্লোগানেৰে আসন্ন ত্ৰিপুৰা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। ৰবিবাৰে আম্বাছা আৰু কুলাইত দুখন জনসভাত অংশগ্ৰহণ কৰি ত্ৰিপুৰা জনতাক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে এই শ্লোগান আওৰায়। এই শ্লোগানৰ অৰ্থ হ’ল পৰিৱৰ্তন কৰা বা চি পি এম নেতৃত্বাধীন মানিক সৰকাৰৰ চৰকাৰখন ওফৰায় বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰা।

ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে জনসভা দুখনত ৰাইজক উদ্দেশ্যি কয় যে দীৰ্ঘ দিনে শাসন চলোৱা মানিক সৰকাৰৰ দিনত চাৰিওফালে দুৰ্নীতি শিপোৱাৰ উপৰি উন্নয়ন একেবাৰে স্থৱিৰ হৈ পৰিছে। য’ত কংগ্ৰেছ আৰু বাওঁপন্থী দলে ৰাজ্যৰ শাসনভাৰ লৈছে তাতেই দুৰ্নীতি হৈছে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি শাসনাধিষ্ঠ ৰাজ্যকেইখনত দুৰ্নীতি নিৰ্মূল হোৱাৰ উপৰি উন্নয়নো অধিক ক্ষীপ্ৰতাৰে গতি কৰিছে।

আনহাতে অধ্যক্ষ শ্বাহে মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ তুলি ত্ৰিপুৰাবাসীক নিজৰ ভৱিষৎ উজ্জল কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

‘অভূতপূৰ্ব জনসমাগম দেখি মই সম্পূৰ্ণ আত্মবিশ্বাসী যে এইবাৰ ত্ৰিপুৰাবাসীয়ে ৰাজ্যখনৰ পৰিৱৰ্তনৰ স্বাৰ্থত ওলাই আহিছে। মহিলাৰ ওপৰত অপৰাধজনিত সমস্যা অভাৱনীয়ভাবে বৃদ্ধিৰ লগতে ৰাজ্যখনৰ আইন কানুন ব্যৱস্থা থান বান হৈছে’। এই মন্তব্য অমিত শ্বাহৰ।

ইয়াৰ উপৰি কয়, ‘বিজেপি চৰকাৰে যোগাত্মক প্ৰশাসনিক পৰিৱৰ্তনেৰে কেৱল মানুহৰ জীৱন পদ্ধতি সলনি কৰাৰহে স্বাৰ্থত কাম কৰে’।

মনকৰিবলগীয়া যে বিজেপি অধ্যক্ষগৰাকীয়ে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যখনত বিজেপিৰ আয়োজিত জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে।

তাৎপৰ্যমূলক কথা যে যদিহে ত্ৰিপুৰাবাসীয়ে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোটদান কৰে তেন্তে চৰকাৰী কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগত সন্নিবিষ্ট কৰা আৰু শ্ৰমিকসকলৰ দৈনিক বেতন দুগুন বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে।

অহা মাৰ্চ মাহত ত্ৰিপুৰাৰ লগতে নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। লক্ষ্যণীয় যে ১৯৯৩চনৰ পৰা আজি পৰ্যন্ত ত্ৰিপুৰাত চি পি আই(এম)দলে শাসন ভাৰ দখল কৰি থকাৰ বিপৰীতে নাগালেণ্ডত যোৱা পোন্ধৰ বছৰে বিজেপি নাগা পিপলছ ফ্ৰণ্টৰ লগত মিত্ৰতাত আছে। আনহাতে মেঘালয় চৰকাৰ আছে কংগ্ৰেছৰ দখলত।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd