DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি নিয়মীয়াৰণৰ দাবীত পি এইচ ই অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 10:20 pm
PHE workers' protest
124
VIEWS
Share on FacebookShare on Twitter

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিত কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলে আজি চাকৰি নিয়মীয়াৰণৰ দাবীত দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ মতে তেওঁলোকে ১৯৯৩ চনৰ পৰা দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন লাভ কৰা নাই।

সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুন্না নাথে নৰ্থ ইষ্ট নাওক কয়, ‘১৯৯৩ চনৰে পৰা আমি পানী যোগান আঁচনিৰ অধীনত কাম কৰি আহিছো যদিও বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন লাভ কৰা নাই। বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আমাক আশ্বাস প্ৰদান কৰি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।’

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা প্ৰতিবাদকাৰী সকলে ৰিহন দৈমাৰীক অসম চৰকাৰৰ আটাইতকৈ ব্যৰ্থ মন্ত্ৰী আখ্যা দিয়ে।

বিনা বেতনে এটা চৰকাৰী চাকৰি কৰি কেনেদৰে পৰিয়াল পোহপাল দিব পাৰি বুলি মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰশ্ন কৰি তেওঁ কয়, ‘আপুনি আপোনাৰ ব্যৰ্থতাৰ পৰিচয় নিদি আমাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰক। আমি ভালদৰে কাম কৰিব পাৰিলেহে জনসাধাৰণেও বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হ’ব।’

আনহাতে কামৰূপ জিলা শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দিগন্ত ৰংপিয়ে কয়, ‘মন্ত্ৰী ৰিহন দৈমাৰীক বাৰেপতি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছো যদিও তেওঁ বিষয়টোত কোনো গুৰুত্ব দিয়া নাই।’

মন্ত্ৰী গৰাকীয়ে ‘ইউজাৰ কমিটি’ক (user committee) দৰ্মহা প্ৰদানৰ বাবে দ্বায়িত্ব দিয়া বুলি হৈছে কোৱাৰ প্ৰসংগত তেওঁ কয়, ‘ইউজাৰ কমিটিয়ে বিদ্যুতৰ মাচুল প্ৰদান কৰিব নে যন্ত্ৰপাতি মেৰামতি কৰিব নে আমাকে দৰমহা দিব।’

জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভাগটোৰ প্ৰায় সাত হাজাৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিনা বেতনে সেৱা আগবঢ়াই আহিছে।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে শ্ৰমিক কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে মাহিলী দৰমহা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ৰিহন দৈমাৰীক দাবী জনায়।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd