• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি হেৰুৱাব পাৰে ভুৱা জাতিগত প্ৰমাণপত্ৰেৰে চাকৰি লোৱা বিষয়া-কৰ্মচাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2018 11:01 am

3 min read

চাকৰি হেৰুৱাব পাৰে ভুৱা জাতিগত প্ৰমাণপত্ৰেৰে চাকৰি লোৱা বিষয়া-কৰ্মচাৰীয়ে
104
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চি কেলেংকাৰিৰ পিছত এইবাৰ জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰি উন্মোচিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ৬ জানুৱাৰিত ৰাজ্য চৰকাৰে ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি থকা এনে ধৰণৰ ১০৬গৰাকী বিষয়া-কৰ্মচাৰীৰ এখন তালিকা প্ৰকাশ কৰাৰ পিছত বিষয়টোৱে সন্দেহজনক প্ৰমাণপত্ৰ থকাসকলৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰে এক সিদ্ধান্ত মৰ্মে এই ১০৬ জন বিষয়া-কৰ্মচাৰীৰ জাতিগত প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে। এই উদ্দেশ্যে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সচিব ৰীতা দাসে ৰাজ্যিক পৰ্য্যায়ৰ পৰ্য্যৱেক্ষণ কমিটিৰ এক বৈঠক অনুষ্ঠিত কৰিছে, য’ত অভিযুক্ত বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ জাতিগত-প্ৰমাণপত্ৰ লৈ সোঁশৰীৰে উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এইসকল বিষয়া-কৰ্মচাৰীয়ে চাকৰিৰ বাবে দাখিল কৰা জাতিগত প্ৰমাণ-পত্ৰ ভুৱা বুলি প্ৰমাণিত হ’লে চাকৰিও হেৰুৱাব পাৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ জুলাই মাহত দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত দেশৰ উচ্চতম ন্যায়ালয়ে কৈছিল যে ভুৱা জাতিগত প্ৰমাণপত্ৰ দি চাকৰি লোৱাসকলে চাকৰি হেৰুওৱাৰ লগতে দণ্ডও ভোগ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰ, ন্যায়াধীশ এন ভি ৰমন আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েৰে গঠিত এক বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়টো দিছিল। বিচাৰ পীঠখনে ৰায়টোত কৈছিল, ‘ভুৱা প্ৰতিনিধিত্বৰ ভিত্তিত কাকো সুবিধা দখল কৰি থাকিবলৈ দিব নোৱাৰি। ই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ সাংবিধানিক লক্ষ্যক বিপথে পৰিচালিত কৰিছে।’

সন্দেহজনক প্রমাণপত্র দাখিল কৰা বুলি সন্দেহ কৰাসকলৰ নাম হৈছে ক্ৰমে– প্ৰাঞ্জল দাস, শচীন্দ্ৰনাথ বৈশ্য, ৰিয়া বিশ্বাস, শিৱাচ মালো, চয়নিকা ডেকা, বিশাল ৰয়, পল্লৱী বৰ্মন, কৃষ্টিসাগৰ তালুকদাৰ, শুভ্ৰজিৎ দাস, জুমা দাস, অৰুন্ধতী সাহা, গোসাই চন্দ্ৰ কৰ্মকাৰ, কানুলাল কৰ্মকাৰ, চন্দ্ৰকান্ত দাস, অমেন্দ্ৰ ধৰ, ফাল্গুনী পাঠক, মনমোহন মৰল, চক্ৰধৰ হালৈ, অনন্ত হুজুৰী, ৰাকেশ কুমাৰ দাস, মনোৰঞ্জন বৈশ্য, ভৱেন দাস, ধ্ৰুৱজ্যোতি তালুকদাৰ, শুভংকৰ পাল, শুভম ৰয়, চিন্ময় ডেকা, বিদিশা চৌধুৰী, সুস্মিতা পাঠক, কিংকিনী কাশ্যপ, দীপজ্যোতি পাঠক, তন্ময় দেৱ, অভিষেক কৰ্মকাৰ, দিবাকৰ ৰাভা, নীহাৰজ্যোতি বৈশ্য, উৎকৰ্ষ কাকতী, অনুসূয়া সুনয়ানি, ভাৰ্গৱ দাস, প্ৰাঞ্জল বৈশ্য, প্ৰশান্ত ভৌমিক, বসন্ত শিৱা, কৰুণা বিশ্বাস, অৰমিন্ত নেওগ ভৰালী, বিশাল ৰয়, ইষাণ উদয় বিশ্বাস, নিহাল পংকজ ডেকা, উত্তম আৰ্য্য, নীলাক্ষী শুভ্ৰ চৌধুৰী, জয়প্ৰকাশ বৰ্মন, অনুৰাগ ওজা, শিৱম ৰয়, আফজল হুছেইন, সতীশ বিশ্বাস, চিউলী ৰাণী সূত্ৰধৰ, ৰেচমা বেগম, পৰমিতা সাহা, অভিজিৎ ধৰ, সৌৰভ ধৰ, হেমাংগী গুপ্তা, ৰাজেশ জয়চোৱাল, প্ৰভাত দাস, পুলক দাস, পাপৰি দাস, প্ৰণয় দেৱ, শাশ্বতী গীতা ডেকা, দীপক কুমাৰ মিত্ৰ, বিশাল মজুমদাৰ, আকাশ বৰষা, চণ্ডিকা মিত্ৰ, হৰিদীপৰঞ্জন ঠাকুৰীয়া, জয়প্ৰকাশ বৰ্মন, জিনময়জিৎ তালুকদাৰ, মাণিক চন্দ্ৰ বৰ্মন, অনুৎপল ঠাকুৰীয়া, শিৱ দাস, ধৃতিমান পাঠক, চিন্ময় তালুকদাৰ, গৌতম বৈশ্য, গগনজিৎ বৈশ্য, হীৰকজ্যোতি ডেকা, অনুপম ৰয়, প্ৰাণজিৎ কুমাৰ বৈশ্য, বিভূতি বৈশ্য, অংকুৰ চৰ্দাৰ, সুমিত চৌধুৰী, মধুমিতা পোদ্দাৰ, অংশুমান চৌধুৰী, ঋষিকেশ কাশ্যপ, স্নিগ্ধাশিখা কাশ্যপ, অভিষেক চৌধুৰী, অনামিকা চৌধুৰী, নীলাক্ষী হালৈ, স্বপ্নিল কাশ্যপ, অভিজিৎ ধৰ, ঋষিকেশ তালুকদাৰ, দেৱাশিস দেৱাংগভূষণ বৰা, সঞ্জয় ডেকা, ধনলাল প্ৰসাদ, অংকুৰজ্যোতি শইকীয়া, হীৰকজ্যোতি অধিকাৰী, ৰক্তিমা মেধি, আকাশ ভৰালী, ভাস্কৰজ্যোতি বৰ্মন, উজ্জ্বল ডেকা, মানসপ্ৰতিম ভৰালী, পূজা কুমাৰী, আৰু সুমিত জয়চোৱাল।

এওঁলোকক অহা ১৭ ফেব্ৰুৱাৰিত পৰ্য্যৱেক্ষণ বৈঠকত নিজৰ নিজৰ প্ৰমাণপত্ৰ সহ উপস্থিত থাকিবলৈ চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে।

এই কথা সকলোৰে বিদিত যে ভুৱা জাতিগত প্ৰমাণপত্ৰেৰে চাকৰি লোৱাৰ অভিযোগ বিভিন্নজনৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হৈ আহিছে যদিও ইমান বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰীক এনে অভিযোগত জাননী জাৰি কৰাৰ ঘটনা এয়ে প্ৰথম। এ পি এছ চিৰ দৰে এই কেলেংকাৰিয়েও ৰাজ্যখনত নতুন আলোড়ন এটা সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd