• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীয় লোকৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে স্থাপন কৰা হ’ব ১০০ খন উচ্চ মাধ্যমিক বিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2018 8:17 am

2 min read

Pallab Lochan Das_3
205
VIEWS
Share on FacebookShare on Twitter

অসমৰ চাহ-শিল্পৰ লগত জড়িত চাহ জনগোষ্ঠীয় লোকৰ মাজত শিক্ষাৰ মান বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপন কৰা হ’ব ১০০খন উচ্চ মাধ্যমিক বিদ্যালয়। অসম বিধানসভাত শুকুৰবাৰে এই তথ্য সদৰী কৰে শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসে।

এই বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খন বিদ্যালয় নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ভূমি চূড়ান্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অসম বিধানসভাৰ পূৰ্বৰ অধিৱেশনত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উদ্যোগত চাহ জনগোষ্ঠীৰ সমস্যাৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছিল। তাৰ পাছত চৰকাৰে চাহ জনগোষ্ঠীটোৰ বাবে কি কি কাম কৰাৰ সিদ্ধান্ত ল’লে সেই সন্দৰ্ভত বিধানসভাত শুকুৰবাৰে বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে এক প্ৰতিবেদন দাখিল কৰে।

প্ৰতিবেদন দাখিল কৰি মন্ত্ৰী দাসে সদনক জনায় যে নতুনকৈ স্থাপন হ’ব লগা উচ্চ মাধ্যমিক বিদ্যালয়কেইখনৰ ভিতৰত ৫৭খনৰ নিৰ্মাণ কাম সোনকালে আৰম্ভ হ’ব।  জনগোষ্ঠীটোৰ বাবে গ্ৰহণ কৰা কেইবাটাও বিষয় উত্থাপন কৰি তেওঁ কয় যে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰিৰ সমান হ’ব লাগিব।

যোৰহাটত থকা চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰাৰ লগতে অসম চাহ নিগমৰ বাগিচাকেইখনৰ উত্তৰণৰ ব্যৱস্থা কৰা হ’ব। চাহ গৱেষণা কেন্দ্ৰটো অধিক উন্নত কৰা বাবে বাজেটত ১৭ কোটি টকা ধাৰ্য কৰাৰ লগতে অসম চাহ নিগমৰ ১৫খন বাগিচাৰ উত্তৰণৰ বাবে ৯৯ কোটি টকা ধাৰ্য কৰাৰ কথা ব্যক্ত কৰি এই সন্দৰ্ভত কেবিনেট  উপ-সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী দাসে উল্লেখ কৰে।

প্ৰথমবাৰৰ বাবে চাহ বাগিচা অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰা, শোণিতপুৰ আৰু তিনিচুকীয়াত ফুটবল একাডেমী স্থাপন কৰা, বাগিচাৰ শ্ৰমিকক বিদ্যুতৰ মিটাৰ যোগান ধৰা, এ পি এছ চি আৰু ইউ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা চাহ জনজাতিৰ প্ৰাৰ্থীক বিশেষ প্ৰশিক্ষণ দিয়া আদি বিভিন্ন পদক্ষেপৰ কথা মন্ত্ৰী গৰাকীয়ে বিধানসভাত উল্লেখ কৰে।

তদুপৰি, নতুন চাহ সঞ্চালকালয় স্থাপন কৰা, চাহ জনজাতিৰ লোকক ভূমিৰ আবণ্টন দিয়াকে ধৰি চাহ জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলৰ নাম ক্ৰমাৎ হেৰাই যাবলৈ ধৰাত এতিয়া নতুনকৈ তাৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনগোষ্ঠীয় অঞ্চলত ৫০খন ৰংগমঞ্চ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd