• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈ ৰহাৰ টোলগে’ট বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , June 2, 2018 8:53 am

2 min read

ৰহা টোলগেট
180
VIEWS
Share on FacebookShare on Twitter

ৰহাস্থিত ৰণথলীৰ টোলগে’ট পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ‘ইন্দাৰদ্বীপ’ নামৰ কোম্পানীটোক দায়িত্ব দিয়া বুলি প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰহাৰ কেইবাটাও সংগঠন। অসমৰ চাৰিলেনযুক্ত ঘাইপথসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰহাৰ এই টোলগে’ট বন্ধ ৰাখিব লাগিব বুলি এই সংগঠনকেইটাই হুংকাৰ দিছে।

২০০৬ চনৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলক সামৰি চাৰিলেনযুক্ত পথসমূহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় চাৰিলেনযুক্ত ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ’ল। এই অভিযোগ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতে তিৱা ছাত্ৰ সন্থাৰ।

শুকুৰবাৰে ৰহাত সংগঠনকেইটাই আয়োজন কৰা এখন সংবাদমেলত কয় যে গুৱাহাটীৰ পৰা মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মাত্ৰ ৩০০ কিল’মিটাৰমানহে পথ নিৰ্মাণৰ কাৰ্ম সম্পূৰ্ণ কৰিছে যদিও বৰ্তমানেও পানীনলা, উপপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল। ফলস্বৰূপে সঘনে পথচাৰী, যান-বাহনসমূহ দুৰ্ঘটনাত পতিত হৈ আহিছে।

ইয়াৰ পূৰ্বে ২০১৬ চনত চৰকাৰে এই টোলগে’টটো মুকলি কৰাৰ ব্যৱস্থা কৰিছিল যদিও বহুকেইটা সামাজিক আৰু জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদত টোলগে’টটো অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল চৰকাৰে।

ইতিমধ্যে এই সংগঠনসমূহে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ সংলগ্ন দাঁতিৰ প্ৰতিটো বিষয় জড়িত ব্যৱস্থা সুদৃঢ়কৰণ, ভগাপথ পৰিপক্ক ৰূপত নিৰ্মাণ, উপপথসমূহৰ সুদৃঢ়কৰণ, নলা-নৰ্দমাসমূহত ঢাকনি দিয়াৰ ব্যৱস্থা, পানী নিগৰা গতিপথৰ ব্যৱস্থা, ৰহা চাৰিআলিৰ চাৰিলেন পথ পৰিপূৰ্ণ, ৰাষ্ট্ৰীয় পথৰ দুয়োমূৰে নিয়ন্ত্ৰণ কক্ষ, জেব্ৰা ক্ৰছিং, পথ ছিগনেলসমূহ অনতি পলমে সুচল কৰিবলৈ চৰকাৰক এমাহ সময় নিৰূপণ কৰি দিছে।

ইয়াৰ অন্যথা আছুকে ধৰি সংগঠনসমূহে ৰাইজৰ সহযোগত গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে।

শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতী, সাধাৰণ সম্পাদক পংকজ হাজৰিকা, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ সভাপতি চন্দ্ৰকান্ত হোকাই, সাধাৰণ সম্পাদক চন্দন দেউৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱা, সাধাৰণ সম্পাদক নীলোৎপল হাজৰিকা, ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি সঞ্জয় আমছি, সম্পাদক ধনটি ডেকা উপস্থিত থাকে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd