• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিলাৰায় মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 2:47 pm
pg
117
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ ঐতিহ্যমণ্ডিত চিলাৰায় মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি এগৰাকী ছাত্ৰ বহিষ্কাৰ হ’ব লগা হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী উত্থাপন কৰাত মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰে ৷ ইতিমধ্যে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি এই কাণ্ডক গৰিহণা দিছে৷

জানিব পৰা মতে মহাবিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ চৰ্চা সৰ্বত্ৰ চলি আছে ৷ ভাৰত চৰকাৰৰ Rashtriya Uchchatar Shiksha Abhiyan, বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি, কলেজ পুঁজিৰে ৰূপায়ণ কৰা আঁচনিৰ নামত ব্যাপক ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি আঁচনিৰ অধীনত আৱণ্টন দিয়া এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠা, কাৰ্যালয় গৃহ দুটাৰ বছৰ নৌহ‌ওঁতেই পকী দেৱাল আৰু ছাডত চিঁৰাল ফাট মেলে৷

অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এতিয়া ছাদ খহি পৰাৰ লগতে পকীদেৱাল খহি পৰাৰ আশংকাত সময় পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷ আনহাতে শেহতীয়াকৈ ৭৫ লাখ টকাৰে নিৰ্মাণ কৰি থকা ছাত্ৰী নিৱাসৰ কামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয়, মহাবিদ্যালয়খনত পাঠদান নোহোৱাৰো অভিযোগ উত্থাপন কৰে খোদ ছাত্র একতা সভাই।

তাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই   ছাত্ৰ চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে৷

ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে৷ এক বিবৃতিযোগে সংগঠনটোৱে ছাত্র নেতা চন্দন ৰায়ে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণ, ছাত্ৰী নিবাস নিৰ্মাণত হোৱা অনিয়মকে ধৰি মহাবিদ্যালয়খনৰ সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলাই দুৰ্নীতিৰ তদন্তৰ দাবীত চন্দনৰ নেতৃত্বত শিক্ষাৰ্থীসকলে অনশনত বহিছিল বুলি কয়।

ছাত্ৰ নেতাজনক গোলকগঞ্জ আৰক্ষীয়ে নিশা অনশনথলীৰ পৰা উঠাই আনি থানাত আবদ্ধ কৰি ৰাখে যদিও তেওঁ অনশন অব্যাহত ৰাখে। চিলাৰায় মহাবিদ্যালয়ত চলি থকা এনে অনশনৰ পৰিপ্ৰেক্ষিত ধুবুৰী জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কৰে। মহাবিদ্যালয়খনত অতিৰিক্ত জিলা উপায়ুক্ত উপস্থিত হৈ গৃহত ফাট মেলাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত।

স্বাভাৱিকতে ছাত্ৰ নেতা চন্দন ৰায়ৰ নেতৃত্বৰ আন্দোলনৰ ফলত তদন্ত ঘোষণা কৰাত এতিয়া ভয়ত কম্পমান হৈছে  মহাবিদ্যালয়ৰ ভিতৰচ’ৰাৰ একাংশ ৷ যাৰ ফলত ছাত্রজনক অযুক্তিকৰ কাৰণ দেখুৱাই ২১ দিনৰ বাবে বহিষ্কাৰ কৰা হৈছে ৷ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে অযুক্তিকৰ কাৰণত আক্ৰোশমূলকভাৱে চন্দন ৰায়ক বহিষ্কাৰ কৰা কাৰ্যক সকীয়াই দি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্র সংগঠনটোৱে।

 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd