ধুবুৰীৰ ঐতিহ্যমণ্ডিত চিলাৰায় মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি এগৰাকী ছাত্ৰ বহিষ্কাৰ হ’ব লগা হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷
মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী উত্থাপন কৰাত মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰে ৷ ইতিমধ্যে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি এই কাণ্ডক গৰিহণা দিছে৷
জানিব পৰা মতে মহাবিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ চৰ্চা সৰ্বত্ৰ চলি আছে ৷ ভাৰত চৰকাৰৰ Rashtriya Uchchatar Shiksha Abhiyan, বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি, কলেজ পুঁজিৰে ৰূপায়ণ কৰা আঁচনিৰ নামত ব্যাপক ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি আঁচনিৰ অধীনত আৱণ্টন দিয়া এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠা, কাৰ্যালয় গৃহ দুটাৰ বছৰ নৌহওঁতেই পকী দেৱাল আৰু ছাডত চিঁৰাল ফাট মেলে৷
অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এতিয়া ছাদ খহি পৰাৰ লগতে পকীদেৱাল খহি পৰাৰ আশংকাত সময় পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷ আনহাতে শেহতীয়াকৈ ৭৫ লাখ টকাৰে নিৰ্মাণ কৰি থকা ছাত্ৰী নিৱাসৰ কামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয়, মহাবিদ্যালয়খনত পাঠদান নোহোৱাৰো অভিযোগ উত্থাপন কৰে খোদ ছাত্র একতা সভাই।
তাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে৷
ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে৷ এক বিবৃতিযোগে সংগঠনটোৱে ছাত্র নেতা চন্দন ৰায়ে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণ, ছাত্ৰী নিবাস নিৰ্মাণত হোৱা অনিয়মকে ধৰি মহাবিদ্যালয়খনৰ সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলাই দুৰ্নীতিৰ তদন্তৰ দাবীত চন্দনৰ নেতৃত্বত শিক্ষাৰ্থীসকলে অনশনত বহিছিল বুলি কয়।
ছাত্ৰ নেতাজনক গোলকগঞ্জ আৰক্ষীয়ে নিশা অনশনথলীৰ পৰা উঠাই আনি থানাত আবদ্ধ কৰি ৰাখে যদিও তেওঁ অনশন অব্যাহত ৰাখে। চিলাৰায় মহাবিদ্যালয়ত চলি থকা এনে অনশনৰ পৰিপ্ৰেক্ষিত ধুবুৰী জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কৰে। মহাবিদ্যালয়খনত অতিৰিক্ত জিলা উপায়ুক্ত উপস্থিত হৈ গৃহত ফাট মেলাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত।
স্বাভাৱিকতে ছাত্ৰ নেতা চন্দন ৰায়ৰ নেতৃত্বৰ আন্দোলনৰ ফলত তদন্ত ঘোষণা কৰাত এতিয়া ভয়ত কম্পমান হৈছে মহাবিদ্যালয়ৰ ভিতৰচ’ৰাৰ একাংশ ৷ যাৰ ফলত ছাত্রজনক অযুক্তিকৰ কাৰণ দেখুৱাই ২১ দিনৰ বাবে বহিষ্কাৰ কৰা হৈছে ৷ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে অযুক্তিকৰ কাৰণত আক্ৰোশমূলকভাৱে চন্দন ৰায়ক বহিষ্কাৰ কৰা কাৰ্যক সকীয়াই দি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্র সংগঠনটোৱে।