• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

চীনৰ অৱদমনৰ বিৰুদ্ধে আন এজন তিব্বতীৰ আত্মজাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 5:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিব্বতৰ ওপৰত চীনৰ অৱদমনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আত্মজাহ কৰা বুলি প্ৰচাৰিত এক শিহৰণকাৰী ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। the Mirror নামৰ ব্ৰিটিছ টেবলয়ডখনৰ ৱেবছাইটত এই ভিডিঅ’ আৰু তাৰ সৱিশেষ বাতৰিটো প্ৰচাৰিত হৈছে। ব্ৰিটিছ দৈনিক টেবলয়ডখনে দাবী কৰা মতে ভিডিঅ’টোত দেখা পোৱা গাত জুই লগাই দৌৰি যোৱা ব্যক্তিজন এজন তিব্বতী ভিক্ষু আৰু তেওঁ গাত জুই লগোৱাৰ পূৰ্বে তিব্বতৰ ওপৰত চীনৰ অৱদমনৰ বিৰুদ্ধে শ্ল’গান দিছিল। ঘটনাটোৰ স্থান চীনৰ চিচুৱান প্ৰদেশৰ অন্তৰ্ভুক্ত কৰি থোৱা তিব্বতৰ নাগবা অঞ্চলৰ কীৰ্তি মঠৰ কাষত। টেবলয়ডখনে দাবী কৰা মতে ভিক্ষুজনক জুই লগোৱাৰ সময়ত দেখা পোৱা লোকসকলে তেওঁ তিব্বতৰ স্বাধীনতা বিচাৰি চিঞৰিছিল। চেণ্ট্ৰেল তিব্বেতান এডমিনিষ্ট্ৰেইশ্যনে (চি টি এ) কয় যে চীনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আত্ম বলিদান কৰা তিব্বতীৰ সংখ্যা বৃদ্ধিত তেওঁলোক উদ্বিগ্ন হৈছে। চি টি এৰ সভাপতি ড০ লবচাং চংগাভে কয় : চি টি এই বাৰম্বাৰ কৰা আহ্বানৰ পিছতো ২০০৯ চনৰ পৰা আত্মজাহ কৰা তিব্বতীৰ সংখ্যা নিচে কমেও ১৫০ ৰ সীমা পাৰ হৈছে।

ঘটনাটো সংঘটিত হোৱাৰ কোনো তাৰিখ উল্লেখ নকৰাৰ লগতে টেবলয়ডখনে প্ৰতিবাদী আত্মজাহকাৰীৰ পৰিচয় বা গাত জুই লগোৱাৰ পিছত তেওঁৰ অৱস্থা সম্পৰ্কে কোনো ইংগিত দিয়া নাই। আনহাতে মিৰৰ সূত্ৰটোত প্ৰকাশ যে চি টি এই এই বুলি অভিযোগ কৰিছে যে গাত জুই লগোৱা মানুহজনৰ জুই নুমুৱাৰ পিছত তেওঁৰ শৰীৰটো চীনা প্ৰশাসনে লৈ যায়।

Apply Now

উল্লেখযোগ্য যে তথ্য মতে ২০০৯ চনৰ ২৭ ফেব্ৰুৱাৰিৰ পৰা (টাপেই নামৰ এজন বৌদ্ধ ভিক্ষুৱে চিচুৱান প্ৰদেশৰ বজাৰৰ স্থানত নিজৰ গাত জুই লগাই প্ৰতিবাদ কৰাৰ ঘটনাৰ পৰা) এতিয়ালৈকে তিব্বতত ১৪৮ জনে আত্মজাহ কৰিছে। আনহাতে দুটা এনে আত্মজাহৰ ঘটনা বিতৰ্কৰ আৱৰ্তত। আত্মজাহ কৰা প্ৰায় সকলেই বৌদ্ধ ভিক্ষু বা প্ৰাক্তন ভিক্ষু বা ভিক্ষুণী। মিৰৰ নামৰ টেবলয়ডখনে এই দাবী কৰিছে।

আনহাতে ২০১২ চনত দালাই লামাই এটা মন্তব্যত কৈছিল যে তেওঁ আত্মজাহত উৎসাহ নদিয়ে, কিন্তু প্ৰতিবাদকাৰীসকলৰ সাহসক প্ৰশংসা কৰে। তেওঁ তিবেতত চীনৰ অৱদমনৰ বিৰুদ্ধে আত্মজাহক সংস্কৃতিৰ গণহত্যা বুলি ক’ব বিচাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd