• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বৰপেটাৰ বানিয়াৰাপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকক নিলম্বনৰ দাবী

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , June 4, 2018 6:41 pm

2 min read

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বৰপেটাৰ বানিয়াৰাপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকক নিলম্বনৰ দাবী
200
VIEWS
Share on FacebookShare on Twitter

এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এগৰাকী শিক্ষকক নিলম্বনৰ দাবীত আজি বৰপেটাত বানিয়াৰাপাৰা জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে স্থানীয় কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকগৰাকীৰ নিলম্বনৰ দাবী তুলি জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত সমৱেত হৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰীক শাৰীৰিক নিৰ্যাতন কৰা  বানিয়াৰাপাৰা জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক আব্দুল আলিমক অতিশীঘ্ৰে নিলম্বন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।

প্ৰতিবাদকাৰী সকলে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি বৰপেটা জিলাৰ বানিয়াৰাপাৰা জনপ্ৰিয়  কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক আব্দুল আলিমে বানিয়াৰাপাৰাস্থিত ‘ক্ৰিছেণ্ট একাডেমি’টো শিক্ষকতা কৰাৰ সুযোগত ‘ক্ৰিছেণ্ট একাডেমি’ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নানা ধৰণৰ প্ৰলোভন আৰু কৌশল অৱলম্বন কৰি যৌন নিৰ্যাতন কৰি আহিছিল।

তাৰোপৰি শিক্ষকগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰশ্ন কাকত পৰ্যন্ত গোপনে যাচি দিয়াৰ প্ৰলোভনেৰে ছাত্ৰী গৰাকীক অশ্লীল ইংগিত প্ৰদান কৰি আহিছিল বুলি স্মাৰকপত্ৰত উল্লেখ কৰে।

আনহাতে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত ভূক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি বৰপেটা সদৰ থানাত ১৩ মে’ত ১০০২/১৮ নম্বৰত এক গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ফলত আজি ছাত্ৰ-ছাত্ৰী সকলে  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। লগতে স্মাৰকপত্ৰৰ প্ৰতিলিপি বৰপেটাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষলৈও প্ৰেৰণ কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি শিক্ষকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও প্ৰশাসনক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে সোঁৱৰাই দিয়ে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd