• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জখলাবন্ধা-কুঁৱৰীটোল সংযোগী গড়কাপ্তানী পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ

NE NOW NEWS ৰিদিপ শর্মা
কলিয়াবৰ , July 15, 2018 5:40 pm

2 min read

Screenshot_20180715_161910

জখলাবন্ধা-কুঁৱৰীটোল সংযোগী পথৰ দুৰৱস্থা

238
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত কলিয়াবৰ বিধায়ক ৰূপে ৰাইজে নিৰ্বাচিত কৰা বৰ্তমানৰ অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৮ কোটি ৮৫ লাখ টকাৰ বৃহৎ ধনৰাশিৰে জখলাবন্ধা, সোনাৰি গাঁও, কামাখ্যা গাওঁ, শিলঘাট হৈ কুঁৱৰীটোল সংযোগী গড়কাপ্তানী পথটোৰ পকী কৰণৰ উদ্দেশ্যে আধাৰশিলা স্থাপন কৰিছিল যদিও আজিকোপতি উক্ত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে কলিয়াবৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ লোকে।

পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত যমৰ যাতনা ভূগি অহা স্থানীয়লোকে আজি পথটোৰ নিৰ্মাণৰ দাবীত  সোনাৰি গাঁৱৰ ৰাইজ ,কামাখ্যা গাঁৱৰ ৰাইজ আৰু অট চালক সকলে জখলাবন্ধা শিলঘাট সংযোগী পথৰ সোনাৰি গাঁৱত একগোট হৈ এক পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত কাৰ্যসূচীৰ বিষয়ে শিলঘাট আউট পোষ্ট আৰু কলিয়াবৰ আৰক্ষী অৱগত হোৱাত কলিয়াবৰৰ চক্ৰ বিষয়াৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগে লগে ৰাইজে চক্ৰ বিষয়া গৰাকীক কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে কলিয়াবৰৰ বিভিন্ন অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণ কৰি ৰাইজক  চমক দেখুওৱা কেশৱ মহন্তই নিজ গৃহৰ ওচৰতে থকা এই পথটোৰ আধাৰশিলা স্থাপন কৰাৰ তিনিটা বৰ্ষ পাৰ হৈ যোৱাৰ পাছতো কিয় নীৰৱ ভূমিকা অৱলম্বন কৰি আছে সেয়া সন্দেহজনক বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Screenshot_20180715_162138
পথটোৰ মেৰমতিৰ দাবীত স্থানীয় ৰাইজে কলিয়াবৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা সময়ৰ দৃশ্য

 

এই পথটো সন্দৰ্ভত ৰাইজে বহুবাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহন্ত আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰোপৰি বৰ্তমান অসমৰ এক মাত্ৰ শিলঘাট মৰাপাট কল, ঐতিহাসিক কামাখ্যা মন্দিৰ, ত্ৰিশূল ধাৰি মন্দিৰলৈ যোৱা এই পথটো যেন এতিয়া পথ নহয় পুখুৰীহে। পথ বুলিবলৈ নাই কেৱল ৰাস্তাৰ মাজত বৃহৎ বৃহৎ গাত।

এই পথ চোৱাৰ বাবে এতিয়া বিভিন্ন সময়তে দুৰ্ঘটনা সংঘটিত হয়। ৰোগীৰ বাবেও সমুচিন নহয় পথটো। নিশা হ’লে উক্ত পথচোৱাৰে প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱা। এই অভিযোগ স্থানীয় ৰাইজৰ।

এই সকলোবোৰ সমস্যাৰ প্ৰতি আওকান নকৰি পথটো নিৰ্মাণৰ বাবে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd