চাৰিওফালৰ পৰা যেন বিপদে বেৰি ধৰিছে ভাৰতীয় জনতা পাৰ্টিক। এইবাৰ অগ্নিদগ্ধ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডা।
মণ্ডপত আৰতি পৰিৱেশন থকাৰ সময়তে জুই লাগে পূজাৰ মণ্ডপত। পুনেৰ এটা মণ্ডপত গণপতিৰ আৰতি কৰি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়।
মঙলবাৰে পুনেত সানে গুৰুজী তৰুণ মিত্ৰ মণ্ডলৰ পূজাত অংশগ্ৰহণ কৰিছিল বিজেপিৰ সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে। আৰতি কৰি থকাৰ সময়তে মণ্ডপমৰ ওপৰত অগ্নিকাণ্ড সংঘটিত হয়। নিৰাপত্তাৰক্ষীয়ে বিজেপিৰ সভাপতিগৰাকীক খৰধৰকৈ মণ্ডপৰ পৰা উলিয়াই আনে। কিছু সময়ৰ ভিতৰতে মণ্ডপৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।
জানিব পৰা মতে, মঙলবাৰে বিজেপিৰ সভাপতি জে পি নাড্ডাই মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা কেইবাখনো গণেশ মণ্ডপ ভ্ৰমণ কৰে। পুনেত গুৰুজী তৰুণ মিত্ৰ মণ্ডলৰ পূজাতো অংশগ্ৰহণ কৰে। উজ্জয়িনৰ বিখ্যাত মহাকলা মন্দিৰৰ আৰ্হিত এই মণ্ডপ নিৰ্মাণ কৰা হৈছিল। তাত বিজেপিৰ সভাপতিজনে আৰতি কৰি থকাৰ সময়ত হঠাৎ মণ্ডপৰ ওপৰত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ বাবে জে পি নড্ডাক আৰতিৰ ৰখাই মণ্ডপৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়। লগে লগে আৰম্ভ হয় অগ্নিনিৰ্বাপক বাহিনীৰ কাম। কিন্তু বৰষুণৰ বাবে কেইমিনিটমানৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিব পৰা যায়। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।