বিজেপিয়ে সমগ্ৰ ৰাজ্যত আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰঙিয়াতো দলটোৱে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে। দেওবাৰৰ পৰা ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই দলটোৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ দিহা-পৰামৰ্শ ল’বলৈ সমষ্টিটোত এই অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ অংশ হিচাপে দেওবাৰে নিশা মন্ত্ৰী কলিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেন্দ্ৰ নাথ ডেকাৰ গৰকাস্থিত বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে পদাধিকাৰগৰাকীক ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি আৰু কাম-কাজৰ বিষয়ে প্ৰকাশিত পুস্তিকা প্ৰদান কৰে।
তেওঁ লগতে বৰ্তমান চৰকাৰখনে জনগণৰ স্বাৰ্থত গ্ৰহণ কৰা উন্নয়নমূল কাৰ্যসূচীসমূহৰ বিষয়েও পদাধিকাৰগৰাকীক অৱগত কৰে।
আনহাতে, পদাধিকাৰগৰাকীয়ে সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় যদিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰে। ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী এনে বিধেয়ক কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। বিজেপিৰ মন্ত্ৰীগৰাকীৰ সন্মুখতে বিধেয়কখনৰ বিৰোধিতা কৰাত মন্ত্ৰীক অস্বস্তিত পৰা দেখা যায়।
এই অভিযানত বিজেপিৰ জিলা সম্পাদক সুবল পাল, নগৰ মণ্ডলৰ সভাপতি দ্বীপেন চক্ৰৱৰ্তী, প্ৰদীপ কাকতি, উত্তম পাল, ৰঞ্জন উপাধ্যায় আদি উপস্থিত থাকে।
মন্ত্ৰী কলিতাই লগতে অৱসৰপ্ৰাপ্ত শিক্ষক কল্প ডেকা, গ্ৰাম স্বৰাজৰ সভাপতি নিৰঞ্জন কলিতা, কৃষক গোলোক শালৈ, সাংস্কৃতিক কৰ্মী অসীম শৰ্মা, ব্যৱসায়ী ৰাজু ছেৰাউগী আদি ব্যক্তিৰ ঘৰলৈ গৈ চৰকাৰৰ কাম কাজ সন্দৰ্ভত অৱগত কৰে।