• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনাৰ্দন দেৱগোস্বামী, সত্ৰ মহাসভাক ছাত্ৰ সন্থাৰ কঠোৰ সকীয়নি : ‘বাংলাদেশত চলাওকগৈ সত্ৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 8:05 pm
AASU
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু অসম সত্ৰ মহাসভাক আজি ১৮ এপ্ৰিলত কঠোৰ সকীয়নি দিছে সদৌ অসম ছাত্ৰ সন্থাই।

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিধেয়কখনক সত্ৰ মহাসভাই সমৰ্থন কৰা বুলি হোৱা ব্যাপক বিতৰ্কৰ পিছত অসমৰ ‘অহিত’ হোৱা কোনো কথা কোৱা নাই বুলি সত্ৰাধিকাৰ দেৱগোস্বামীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠি ছাত্ৰ সন্থাই ‘অহিত’ নোহোৱা কথাখিনি স্পষ্টকৈ অসমৰ ৰাইজক জনাবলৈ দাবী জনাইছে।

Apply Now

সত্ৰাধিকাৰজনক ‘সাম্প্ৰদায়িক শক্তিৰ দালালি নকৰিবলৈ’ সকীয়নি দি এন ই নাও-ৰ সৈতে হোৱা কথা-বতৰাত ছাত্ৰ সন্থাৰ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয় যে ‘তেওঁলোকে সত্ৰসমূহ চলাই আছে অসম, উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক লৈ। তেওঁলোকেটো বাংলাদেশীসকলক লৈ সত্ৰ চলোৱা নাই, উত্তৰ প্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মানুহক লৈ তেওঁলোকে সত্ৰ চলোৱা নাই। তেওঁলোকৰ যদি ইমান বাংলাদেশী প্ৰীতি তেতিয়াহ’লে তেওঁলোকে গৈ সত্ৰ চলাওক গৈ বাংলাদেশত।’

বিধেয়কখনক লৈ বিজেপি চৰকাৰ আৰু সত্ৰ মহাসভাই মিলি ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ভাবে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ছাত্ৰ সন্থাৰ নেতাজনে ‘তেওঁলোক সাম্প্ৰদায়িক শক্তিৰ দালালৰ ভূমিকাত অৱতীৰ্ণ হৈছে’ বুলি অভিহিত কৰি তেওঁলোকক ‘দালালিগিৰি এৰক, জাতিৰ স্বাৰ্থত থিয় দিয়ক’ বুলি আহ্বান জনায়।

সমগ্ৰ বিষয়টো সন্দৰ্ভত সত্ৰাধিকাৰ দেৱগোস্বামীৰ স্থিতি জানিব বিচৰাত সত্ৰাধিকাৰগৰাকীয়ে এন ই নাও-ক এই সন্দৰ্ভত ‘কোনো মন্তব্য কৰিব খোজা নাই’ বুলি কয় যে ‘আমি অসমৰ অহিত কোনো কথা কোৱা নাই।’ কিন্তু ‘আইনখন অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতৰ কাৰণে’ বুলি মন্তব্য কৰি তেওঁ বিধেয়কখনক সমৰ্থন কৰাৰ কথা পৰোক্ষভাৱে স্বীকাৰ কৰে। তেওঁ লগতে কয় যে তেওঁ এতিয়া ‘সত্ৰ মহাসভাত নাই’।

আনহাতে সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীয়ে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কক সত্ৰ মহাসভাই ‘সমৰ্থন নকৰে’ বুলি জনাই যদিও একেটা সময়তে বিদেশীৰ বোজা অকল অসমে নহয় গোটেই দেশে ভগাই ল’ব লাগে বুলি মন্তব্য কৰাৰ ফলত বিধেয়কখন সত্ৰ মহাসভাই সমৰ্থন কৰাটোহে অধিক ষ্পষ্ট হৈ পৰিছে।

উল্লেখযোগ্য যে অসমৰ সকলো খিলঞ্জীয়া সংগঠনেই দেশৰ নাগৰিকত্ব আইন সংশোধন কৰি ধৰ্মৰ ভিত্তিত বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা এই নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৬ৰ সৰ্বাত্মক বিৰোধিতা কৰি আহিছে।

আনহাতে ‘জনাৰ্দন দেৱগোস্বামী কি মাজুলীৰ মানুহে নাজানে নেকি…তেওঁ কিদৰে ব্যৱসায়-বাণিজ্য কৰি আছে’ বুলি উল্লেখ কৰি ছাত্ৰ সন্থাৰ নেতাজনে কয় যে ‘তেওঁটো এতিয়া আধ্যাত্মিক চিন্তাৰে শ্ৰীমন্ত শংকৰদেৱৰ নিচিনাকে সুন্দৰ সমাজ গঢ়াৰ চিন্তা কৰি থকা নাই।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd