DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাবৰ বাবে নীতি গ্ৰহণৰ পৰিকল্পনা মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 9:14 pm
Meghalaya-CM-1-570x320
102
VIEWS
Share on FacebookShare on Twitter

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলিবলৈ এক সহাৱস্থানমূলক নীতি গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। এই কথা জনাইছে মুখ্য মন্ত্ৰী কনৰাড চাংমাই।

উল্লেখযোগ্য যে যোৱা ৩০ মাৰ্চত ৰাজ্যখনৰ পশ্চিম খাচি পাহাৰ জিলাৰ লগতে আন কেইবা ঠাইতো ধাৰাসাৰ শিলাবৃষ্টিয়ে বহু ক্ষয়ক্ষতি সাধন কৰিছিল।

শনিবাৰে প্ৰধান সচিবালয়ৰ এখন আলোচনাচক্ৰত সভাপতিত্ব কৰি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই কথা অৱগত কৰিছে।

জানিব পৰা মতে, মেঘালয়ৰ ৪খন জিলাৰ ৫০খনৰো অধিক গাৱঁৰ বহু লোক যোৱা ৩০ মাৰ্চৰ শিলাবৃষ্টি আৰু ধুমুহাৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে।

ক্ষতিগ্ৰস্ত জিলাকেইখনৰ ভিতৰত আছে পশ্চিম জয়ন্তীয়া পাহাৰ, পশ্চিম খাচি পাহাৰ, পূব গাৰো পাহাৰ আৰু উত্তৰ গাৰো পাহাৰ।

আলোচনাৰ সময়ত মুখ্য সচিব ৱাই ছেৰিং, দুৰ্যোগ ব্যৱস্থাপনাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব পি ডব্লিউ ইংতি আৰু অন্যন্য বিষয়াসহ ৰাজহ আৰু দুৰ্যোগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কিৰমেন ছেলা আৰু অন্যন্য মন্ত্ৰীসকলো উপস্থিত আছিল।

দুৰ্যোগ পীড়িত লোকসকলৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী চাংমাই কয় যে ক্ষতিগ্ৰস্ত হোৱা ঘৰ, শস্য, পশুধন আদিৰ বাবত চৰকাৰৰ পৰা দিব লগীয়া ক্ষতিপূৰণৰ ধন সম্পৰ্কত বিতং মূল্যায়ন কৰা হৈছে। লগতে ক্ষতিগ্ৰস্ত লোকসকলক সৰ্বাধিক সাহায্য প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে।

’প্ৰভাৱিত লোকসকলক সাময়িকভাৱে সকাহ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে’ -মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, দুৰ্যোগ প্ৰভাৱিত পৰিয়ালসমূহলৈ নিজৰ ঘৰতে আশ্ৰয় ল’ব পৰাকৈ বিভিন্ন সাহায্য সামগ্ৰী, যেনে- টাৰ্প’লিন আদি তাৎক্ষণিকভাৱে প্ৰেৰণ কৰাত আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহো যোগান ধৰাৰ ফলত কোনো সাহায্য শিবিৰ স্থাপন কৰাৰ প্ৰয়োজন হোৱা নাই। বিধায়কসকলে নিজৰ নিজৰ সমষ্টিৰ ভিতৰত আক্ৰান্ত অঞ্চলবোৰত সহায় কৰাৰ চেষ্টা কৰি আছে বুলিও মুখ্য মন্ত্ৰীজনে জানিবলৈ দিয়ে।

আনহাতে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰাকৈ কিছুমান কাৰ্য্য ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

‘আমি খাপ খাব পৰা নীতি গ্ৰহণ কৰিবলৈ বিষয়টো আলোচনাৰ বাবে বহিব লাগিব।‘ তেওঁ কয়।

বতৰ পৰিৱৰ্তনৰ বিষয়টোত চৰকাৰে খাপখোৱা ধৰণৰ নীতিৰ লগতে হ্ৰাসকৰণ নীতি গ্ৰহণ কৰা দৰকাৰ আছে।

তেওঁ বতৰ পৰিৱৰ্তনৰ সৈতে গ্ৰীন হাউছ গেছ নিৰ্গমণ, গোলকীয় উষ্ণতা বৃদ্ধি, অৰণ্য ধ্বংস আদিক আঙুলিয়াই দিয়ে। তেওঁ ৰাজ্যখনৰ প্ৰতিজন নাগৰিককে গছপুলি ৰোপণ কৰি তাক নিজৰ দৰে লালন-পালন কৰাৰ বাবে উৎসাহ দিয়াৰ মাই লাইফ মাই ট্ৰী নামৰ আঁচনি গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd