DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 8:32 am
Dibrugarh-University-UG-Result
592
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। শনিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ক্ৰমে অনন্যা ভূঞা, ৰক্তিম নাথ আৰু মানসী আগৰৱালা শ্ৰেষ্ঠ স্নাতক হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে শনিবাৰে স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ষষ্ঠ, চতুৰ্থ আৰু দ্বিতীয় ষাণ্মাসিকৰ ফলাফল ঘোষণা কৰা হৈছে।

ডিব্ৰুগড় মনোহাৰী দেবী কানৈ মহিলা মহাবিদ্যালয়ৰ অনন্যা ভূঞাই কলা শাখাত ৯১.৮৬ শতাংশ, গোলাঘাটৰ ডি আৰ মহাবিদ্যালয়ৰ ৰক্তিম নাথে বিজ্ঞান শাখাত ৯১.৯৩ শতাংশ আৰু তিনিচুকীয়া জি এছ লোহিয়া মহিলা মহাবিদ্যালয়ৰ মানসী আগৰৱালাই বাণিজ্য শাখাত ৮৩.২৫ শতাংশ নম্বৰেৰে শ্ৰেষ্ঠ স্নাতকৰ খ্যাতি লাভ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগৰ উপপঞ্জীয়ক অৰিঞ্জিত হাজৰিকাই জানিব দিয়ে যে স্নাতক নতুন পাঠ্যক্ৰমৰ শনিবাৰে ঘোষিত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাত মুঠ ১,২৩,৩০৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৫৩.২০২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

তথ্য অনুসৰি ষষ্ঠ ষাণ্মাসিকৰ কলা শাখাত মুঠ ২২,২০৫গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১০,৪১৪গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৪৬.৯০ শতাংশ। আনহাতে, ষষ্ঠ ষাণ্মাসিকৰ বিজ্ঞান শাখাত মুঠ ৪৬৪৬গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২০৮১ গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৪৪.৭৯ শতাংশ। সেইদৰে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ৩৬৮৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৯২৭ গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৫২.২৫ শতাংশ।

একেদৰে, শনিবাৰে ঘোষিত চতুৰ্থ ষাণ্মাসিকৰ কলা শাখাত ৫৭.৭৪ শতাংশসহ ১৫,৯৯৯গৰাকী, বিজ্ঞান শাখাত ৪৪.০৯ শতাংশসহ ২৬৭০গৰাকী আৰু বাণিজ্য শাখাত ৬৪.৩০ শতাংশসহ ২৯৭৬গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

তদুপৰি, দ্বিতীয় ষাণ্মাসিকৰ কলা শাখাত ৩০.৫২ শতাংশসহ ১২,৩৮১গৰাকী, বিজ্ঞান শাখাত ৩৬.৫৩ শতাংশসহ ২৮৮৩গৰাকী আৰু বাণিজ্য শাখাত ৩১.৭৬ শতাংশসহ ১৭৭১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd