• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাও জিলাত ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ ৰমৰমীয়া বেহা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 1, 2018 1:51 pm
PRC
222
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন কামত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰয়োজন হোৱা পৰিস্থিতিটোৰ সুযোগ লৈ হাফলঙত এচাম দুষ্ট চক্ৰই চলাই আছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ অবৈধ বেহা। জিলাখনৰ বিভিন্ন ঠাইত এতিয়া পয়োভৰ ঘটিছে নকল পি আৰ চি। জানিব পৰামতে ট্ৰেড লাইচেন্স, চাকৰিৰ আৱেদন আদি কামৰ বাবে ডিমা হাচাও জিলাত স্থায়ীভাৱে বসবাস কৰা ব্যক্তি, যাৰ নামত বা উপৰিপুৰুষৰ নামত ভূমিপট্টা আছে, তেনে ব্যক্তিৰ নামত উত্তৰ কাছাৰ  পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা পি আৰ চি দিয়ে।

কিন্তু এই প্ৰমাণপত্ৰ পাবৰ যোগ্যতা নথকা লোকে এইদৰে পি আৰ চি লাভ কৰিব নোৱৰাত ভুৱা প্ৰমাণ পত্ৰকে সংগ্ৰহ কৰা দেখা গৈছে। ইয়াৰে সুযোগ লৈ নকল পি আৰ চি যোগান ধৰা এটা দুষ্ট চক্ৰই গা কৰি উঠিছে। বিশেষকৈ পি আৰ চি অবিহনে ট্রেইড লাইচেন্স দিয়া নহ’ব বুলি কোৱাৰ পাছত সক্ৰিয় হৈ পৰিছে নকল পি আৰ চি প্ৰস্তুতকাৰী চক্ৰটো। যাৰ ফলত অধিক ধনৰ বিনিময়ত নকল পি আৰ চি দিয়াসকলৰ বজাৰ এতিয়া ৰমৰমীয়া।

PRC_2

অৱশ্যে এই তথ্য  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে নকল পি আৰ চি বিৰোধী অভিযান আৰম্ভ হৈছে। সেইদৰে পি আৰ চি ভেৰিফিকেইশ্যনৰ পাছতহে গ্ৰহণ কৰাৰ বাবে জিলাৰ বিভিন্ন বিভাগক জাননী জাৰি কৰা হৈছে।

জানিব পৰামতে এই কাৰ্য্যব্যৱস্থাৰ ফলত উমৰাংচুৰ প্ৰেম কুমাৰ ৰায় নামৰ এজন যুৱকৰ পি আৰ চি নকল বুলি প্ৰমাণিত হোৱাৰ লগে লগে হাফলং আৰক্ষীক বিষয়টো অবগত কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে এজাহাৰ দিয়া হয়।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ছাইন্দেছ আৰদাওৱে জনাইছে যে নকল পি আৰ চি জব্দ কৰাৰ কাৰণে ভূমি আৰু ৰাজহ বিভাগ প্ৰস্তুত হৈ আছে। তেওঁ এনে নকল পি আৰ চি লোৱাৰ পৰা ৰাইজক সতৰ্ক কৰি দিয়ে। অন্যথা পি আৰ চি প্ৰস্তুতকাৰীৰ পৰা ধন দি অবৈধ পি আৰ চি লোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে বিষয়াজনে।

লগতে নকল পি আৰ চি বনোৱা চক্ৰ উৎখাতৰ কাৰণে কৰ্তৃপক্ষ সাজু হৈ আছে বুলিও তেওঁ জনায়।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd