DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডেৰশ বছৰীয়া এখন গাৱঁৰ ঐতিহ্য উদযাপন : ডেৰশ বছৰেও নহ’ল বুনিয়াদী আন্তঃগাঁথনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 6:13 pm
স্মাৰক শিলাস্তম্ভ মুকলি কৰিছে মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচাই।

স্মাৰক শিলাস্তম্ভ মুকলি কৰিছে মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচাই।

111
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ মাইবং উপ সংমণ্ডলৰ নবদি লাংটিং গাৱঁৰ বাসিন্দাসকলে উদযাপন কৰিলে  ডেৰশ বছৰীয়া গৌৰৱময় ঐতিহ্য। এই উপলক্ষে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খনত ১৩ আৰু ১৪ জানুৱাৰিত এক অনুষ্ঠানৰ আয়োজন কৰে। ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠান পৰিচালিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে গাওঁখনৰ ১৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে স্থাপিত স্মাৰক শিলাস্তম্ভ উন্মোচন কৰা হয়। উন্মোচনী কাৰ্য্যসূচীত উপস্থিত থাকে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচা, প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেপলাল হোজাই, জ্যেষ্ঠ নাগৰিকসকল আৰু গাওঁবাসীয়ে।

প্ৰাথমিক বিদ্যালয়খনত এই সম্পৰ্কীয় এখন সভাও অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ সোঁৱৰণি ধৰি ৰাখিবৰ বাবে নবদিলাংটিং নামৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয়, যিখন উন্মোচন কৰে মুখ্য অতিথি মুখ্য কাৰ্যবাহী বিষয়া গাৰ্লোচাই।

অনুষ্ঠানটোৰ মাজতে নিজৰ ভাষণত গাৰ্লোচাই বিজেপি চৰকাৰে যোৱা ১৮ মাহত কৰা অঞ্চলটোৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ লগতে বিগত কাৰ্যকালৰ নেতসকলক কঠোৰ সমালোচনা কৰে। তেওঁ অঞ্চলটোৰ অনুন্নয়নৰ কথা উল্লেখ কৰি কয় যে তেওঁ সকলোবোৰ সমস্যাৰ কথা টুকি লৈছে আৰু সমাগত দিনবোৰত এইবোৰৰ সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, বিদ্যুৎ যোগান, ম’বাইল নেটৱৰ্ক আদি সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ডেৰশ বছৰৰ পিছতো গাওঁখনৰ এই পিছপৰা অৱস্থাত তেওঁ খেদ প্ৰকাশ কৰে। কাৰ্য্যবাহী সদস্য দাওলাগাপুৱেও অদূৰ ভৱিষ্যতে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সকলো সদস্যই চেষ্টা কৰি থকা বুলি কয়।

আনহাতে স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা এজন ইঞ্জিনীয়াৰ মহেন্দ্ৰ নুনিছাই অঞ্চলটোৰ সমস্যাবোৰ স্বাভাৱিক সমস্যা বুলি কয় আৰু এইবোৰক ক্ৰমে ক্ৰমে সমাধান কৰিব লাগিব বুলি কয়। কিন্তু একে সময়তে তেওঁ অঞ্চলটোৰ বাসিন্দাসকলক অৰ্থনৈতিকভাৱে সচ্ছল কৰি তোলাতো গুৰুত্ব দিয়ে। তাৰ বাবে কৃষি ক্ষেত্ৰক বিকাশ কৰাৰ কথা কয়।

উল্লেখযোগ্য যে প্ৰায় সকলো বক্তাই অঞ্চলটোৰ এজন নেতা প্ৰয়াত কে আৰ হোজাইৰ অৱদানৰ কথা একেমুখে স্বীকাৰ কৰে।

Recent News

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd