• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথাপিতো হোৱা নাই ক্লান্ত : কঠিন সময় অতিক্ৰমি পুনৰ উভতি আহিছে নৃত্যশিল্পী পূৰবী বৰুৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2018 11:09 am
পূৰবী বৰুৱা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰবী বৰুৱা এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্য শিল্পী। দেওধানী নৃত্য বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে নৃত্যশিল্পীগৰাকীয়ে। কিন্তু এইগৰাকী প্ৰতিভাশালী শিল্পীৰ জীৱনলৈ এদিন নামি আহিছিল বিভীষিকা।

চেপ্তিচেমিয়াত ভোগা নৃত্য শিল্পী পূৰবী বৰুৱাই নিজৰ জীৱনটোক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে। নৃত্যৰ প্ৰতি তেওঁৰ সমৰ্পিত প্ৰাণ। সেয়েহে নৃত্যৰ জৰিয়তে পুনৰ কৰ্মজীৱন আৰম্ভ কৰিব বিচাৰিছে পূৰবী বৰুৱাই। গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে নৃত্যশিল্পীগৰাকীয়ে।

Apply Now

পূৰবী বৰুৱাৰ স্বামী হৰেকৃষ্ণ তালুকদাৰ এগৰাকী চিত্ৰ-ভাস্কৃৰ্য্য শিল্পী। তেওঁৰ ভাষাতে, ‘’২০১৬ চনত আমাৰ মাজলৈ এচপৰা ক’লা ডাৱৰ নামি আহিছিল। সৰু এটা চাৰ্জাৰীৰ কাৰণে পুৰবীক হায়াট হাস্পতালত ভৰ্ত্তি কৰাইছিলো। তেওঁৰ দুৰ্ভাগ্যৰ কাৰণে চাৰ্জাৰী কৰোঁতে পেটত আঘাত পালে, তাৰ পাছত তেওঁৰ ৰক্তক্ষৰণ হ’বলৈ ধৰিলে আৰু ই চেপ্তিচেমিয়াৰ ৰূপ ল’লে।‘’

সেই দিনবোৰৰ কথা স্মৰণ কৰি স্বামী হৰেকৃষ্ণ তালুকদাৰে কয়, ‘’চেপ্তিচেমিয়াৰ পাছৰ পৰা ভয়াবহ যাত্ৰা আৰম্ভ হ’ল। আঠমাহ ধৰি তেওঁ আইচিইউত আছিল। তেওঁৰ অৱস্থা অতি বেয়াৰ ফালে ঢাল খাইছিল যদিও অসমৰ ৰাইজৰ আশীৰ্বাদ, চৰকাৰৰ সহযোগ আৰু আমাৰ নেৰা-নেপেৰা চেষ্টাত তেওঁ আমাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহিছে। তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই যদিও ইয়াত আহি দু’আষাৰ ক’ব পাৰিছে।‘’

পূৰবী বৰুৱাই যথাৰ্থভাৱেই প্ৰতিভাৰ স্বীকৃতিও লাভ কৰিছিল। ২০১২ চনত ইষ্ট’নিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ এগৰাকী ভিজিটিং পি এইচ ডি পণ্ডিত হিচাপে গৱেষণাৰ বাবে ডৰা গৱেষণা ফেল’শ্বিপ লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা।

৬ জুলাইত আৰ্টিষ্ট গীল্ডত প্ৰদৰ্শন হ’ব তেওঁৰ দ্বাৰা প্ৰকৃতিক কেন্দ্ৰ কৰি নৃত্যৰ কৰিঅ’গ্ৰাফীৰ এক অনুষ্ঠান। ইয়াৰ মূল বিষয়বস্তু ‘বিশ্বাসে কেনেকৈ প্ৰকৃতিক সংৰক্ষণ কৰাত সহায় কৰিব।‘

নিজৰ জীৱনৰ প্ৰত্যাৱৰ্তনৰ কথা ক’বলৈ গৈ পূৰবী বৰুৱাই কয়, ‘’মানুহে হাৰ মানিব নালাগে। চেষ্টা চলাই যাব লাগে, চেষ্টাৰ অসাধ্য একো নাই। বেমাৰত ভূগি থকা সময়ছোৱাত মই ভাগি পৰা নাছিলো। আনে কিবা ক’লেও ভাগি পৰিব নালাগে।‘’

জীৱনৰ কঠিন সময়ৰ উপলব্ধি প্ৰকাশ কৰি পূৰবীয়ে ক’লে,‘’যেতিয়া মই অসুস্থ হৈ আছিলো,তেতিয়া মোৰ মনত ভাৱ আহিছিল মই কি পাপ কৰিছিলো যাৰ কাৰণে এই বেমাৰ হ’ল।যি বেমাৰেই নহওঁক বিশেষকৈ মহিলাসকলে লুকুৱাই থ’ব নালাগে।‘’

জীৱন সংগ্ৰামত হাৰ মানিব নোখোজা নৃত্যশিল্পীগৰাকীয়ে লগতে কয়, ‘’মই এতিয়া সংস্থাপন বিচাৰিছো আৰু স্বাৱলম্বী হ’বলৈ বিচাৰিছো। বেমাৰ হৈ থকা অৱস্থাত হুইল শ্বেয়াৰখনত বহি আছিলো, তাৰ পৰা নিজৰ ভৰিত এতিয়া থিয় দিব পাৰিলো। গতিকে মোৰ মা-দেউতা-স্বামী আছে যদিও মই এতিয়া নিজে কিবা এটা কৰি স্বাৱলম্বী হ’ব বিচাৰো।‘’

এই ছেগতে সমূহ অসমবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে নৃত্যশিল্পী গৰাকীয়ে। নৃত্যৰ জৰিয়তে মানুহক সহায় কৰাৰ পৰিকল্পনা হাতত লৈছে পূৰবী বৰুৱাই। ইতিমধ্যে তেওঁ নৃত্যৰ এখন বিদ্যালয়ো আৰম্ভ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd