পূৰবী বৰুৱা এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্য শিল্পী। দেওধানী নৃত্য বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে নৃত্যশিল্পীগৰাকীয়ে। কিন্তু এইগৰাকী প্ৰতিভাশালী শিল্পীৰ জীৱনলৈ এদিন নামি আহিছিল বিভীষিকা।
চেপ্তিচেমিয়াত ভোগা নৃত্য শিল্পী পূৰবী বৰুৱাই নিজৰ জীৱনটোক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে। নৃত্যৰ প্ৰতি তেওঁৰ সমৰ্পিত প্ৰাণ। সেয়েহে নৃত্যৰ জৰিয়তে পুনৰ কৰ্মজীৱন আৰম্ভ কৰিব বিচাৰিছে পূৰবী বৰুৱাই। গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে নৃত্যশিল্পীগৰাকীয়ে।
পূৰবী বৰুৱাৰ স্বামী হৰেকৃষ্ণ তালুকদাৰ এগৰাকী চিত্ৰ-ভাস্কৃৰ্য্য শিল্পী। তেওঁৰ ভাষাতে, ‘’২০১৬ চনত আমাৰ মাজলৈ এচপৰা ক’লা ডাৱৰ নামি আহিছিল। সৰু এটা চাৰ্জাৰীৰ কাৰণে পুৰবীক হায়াট হাস্পতালত ভৰ্ত্তি কৰাইছিলো। তেওঁৰ দুৰ্ভাগ্যৰ কাৰণে চাৰ্জাৰী কৰোঁতে পেটত আঘাত পালে, তাৰ পাছত তেওঁৰ ৰক্তক্ষৰণ হ’বলৈ ধৰিলে আৰু ই চেপ্তিচেমিয়াৰ ৰূপ ল’লে।‘’
সেই দিনবোৰৰ কথা স্মৰণ কৰি স্বামী হৰেকৃষ্ণ তালুকদাৰে কয়, ‘’চেপ্তিচেমিয়াৰ পাছৰ পৰা ভয়াবহ যাত্ৰা আৰম্ভ হ’ল। আঠমাহ ধৰি তেওঁ আইচিইউত আছিল। তেওঁৰ অৱস্থা অতি বেয়াৰ ফালে ঢাল খাইছিল যদিও অসমৰ ৰাইজৰ আশীৰ্বাদ, চৰকাৰৰ সহযোগ আৰু আমাৰ নেৰা-নেপেৰা চেষ্টাত তেওঁ আমাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহিছে। তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই যদিও ইয়াত আহি দু’আষাৰ ক’ব পাৰিছে।‘’
পূৰবী বৰুৱাই যথাৰ্থভাৱেই প্ৰতিভাৰ স্বীকৃতিও লাভ কৰিছিল। ২০১২ চনত ইষ্ট’নিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ এগৰাকী ভিজিটিং পি এইচ ডি পণ্ডিত হিচাপে গৱেষণাৰ বাবে ডৰা গৱেষণা ফেল’শ্বিপ লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা।
৬ জুলাইত আৰ্টিষ্ট গীল্ডত প্ৰদৰ্শন হ’ব তেওঁৰ দ্বাৰা প্ৰকৃতিক কেন্দ্ৰ কৰি নৃত্যৰ কৰিঅ’গ্ৰাফীৰ এক অনুষ্ঠান। ইয়াৰ মূল বিষয়বস্তু ‘বিশ্বাসে কেনেকৈ প্ৰকৃতিক সংৰক্ষণ কৰাত সহায় কৰিব।‘
নিজৰ জীৱনৰ প্ৰত্যাৱৰ্তনৰ কথা ক’বলৈ গৈ পূৰবী বৰুৱাই কয়, ‘’মানুহে হাৰ মানিব নালাগে। চেষ্টা চলাই যাব লাগে, চেষ্টাৰ অসাধ্য একো নাই। বেমাৰত ভূগি থকা সময়ছোৱাত মই ভাগি পৰা নাছিলো। আনে কিবা ক’লেও ভাগি পৰিব নালাগে।‘’
জীৱনৰ কঠিন সময়ৰ উপলব্ধি প্ৰকাশ কৰি পূৰবীয়ে ক’লে,‘’যেতিয়া মই অসুস্থ হৈ আছিলো,তেতিয়া মোৰ মনত ভাৱ আহিছিল মই কি পাপ কৰিছিলো যাৰ কাৰণে এই বেমাৰ হ’ল।যি বেমাৰেই নহওঁক বিশেষকৈ মহিলাসকলে লুকুৱাই থ’ব নালাগে।‘’
জীৱন সংগ্ৰামত হাৰ মানিব নোখোজা নৃত্যশিল্পীগৰাকীয়ে লগতে কয়, ‘’মই এতিয়া সংস্থাপন বিচাৰিছো আৰু স্বাৱলম্বী হ’বলৈ বিচাৰিছো। বেমাৰ হৈ থকা অৱস্থাত হুইল শ্বেয়াৰখনত বহি আছিলো, তাৰ পৰা নিজৰ ভৰিত এতিয়া থিয় দিব পাৰিলো। গতিকে মোৰ মা-দেউতা-স্বামী আছে যদিও মই এতিয়া নিজে কিবা এটা কৰি স্বাৱলম্বী হ’ব বিচাৰো।‘’
এই ছেগতে সমূহ অসমবাসী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে নৃত্যশিল্পী গৰাকীয়ে। নৃত্যৰ জৰিয়তে মানুহক সহায় কৰাৰ পৰিকল্পনা হাতত লৈছে পূৰবী বৰুৱাই। ইতিমধ্যে তেওঁ নৃত্যৰ এখন বিদ্যালয়ো আৰম্ভ কৰিছে।