• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিগৰাকী অসম সন্তানলৈ সংগীত নাটক একাডেমি বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 22, 2018 3:46 pm

2 min read

Sangeet Natak Akademi award
522
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত সত্ৰীয়া নৃত্য শিল্পীদ্বয় জগন্নাথ বায়ন আৰু ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক ২০১৭ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

বৰপেটা সত্ৰৰ বৰবায়ন জগন্নাথ বায়নৰ জন্ম হৈছিল ১৯২৫ চনত। এসময়ত জীৱিকাৰ তাড়নাত বায়ন ডাঙৰীয়াই বৰপেটাৰ গাঁৱে গাঁৱে বস্তু বিক্ৰি কৰি ফুৰিছিল। তাৰ পাছত তেওঁৰ জীৱন তেওঁ শংকৰী সংস্কৃতিৰ সৈতে জড়িত হৈ পৰে আৰু সুদীৰ্ঘ কাল ধৰি একমনে সত্ৰীয়া সংস্কৃতিৰ সাধনাকেই তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য কৰি লয়। বায়নে বহু কেইজনক খোল বজোৱাৰ প্ৰশিক্ষণ দিছে আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত আয়োজিত ভালেকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

আনহাতে, ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হৈছিল ১৯৬৩চনত বৰপেটা জিলাৰ বামাখাতা গাঁৱত। তেওঁ আনন্দ মোহন ভাগৱতী, ৰসেশ্বৰ শইকীয়া বৰবায়ন, পদ্মশ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ৰামকৃষ্ণ তালুকদাৰৰ পৰা  বেলাৰুছ, জাপান, কাজাখস্তান, আমেৰিকা আৰু ফ্ৰান্সৰ বহুতো শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছে।

তেওঁ ভালেমান গ্ৰন্থ ৰচনা কৰিছে আৰু ভাৰতৰ বিভিন্ন স্থানত তেওঁ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে লণ্ডন, কুৱেইট আদি ৰাষ্ট্ৰতো অনুষ্ঠান পৰিৱেশন কৰিছে।

তেওঁ ১২খনতকৈও অধিক সংখ্যক নৃত্য-নাটক প্ৰযোজনা আৰু নিৰ্দেশনা কৰিছে আৰু প্ৰায় ৩০টা নৃত্য নিৰ্দেশনা কৰিছে।

নুৰুদ্দিন আহমেদে কলা নিৰ্দেশক হিচাপে ৬০খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে। বিগত ৩৫ বছৰ ধৰি তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত হৈ আছে।বৰ্তমান আহমেদ গুৱাহাটীৰ ৰাজদীপ আৰ্ট ষ্টুডিঅ’ত কৰ্মৰত নিয়োজিত হৈ আছে। আহমেদে ৪০গৰাকীতকৈও অধিক যুৱকক প্ৰশিক্ষণ দিছে আৰু তেওঁলোক এতিয়া চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে।

Recent News

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd