• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি বছৰ বিৰতিৰ অন্তত অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব আন্নাৰ আন্দোলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 15, 2017 1:29 pm
ফটোঃ কল্প

ফটোঃ কল্প

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী প্ৰেছক্লাবৰ দেশৰ বিশিষ্ট সামাজিক কৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰেই এখন সংবাদমেল সম্বোধন কৰে। জানিব পৰা মতে অসমত অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতি অহা দিব্যজ্যোতি শইকীয়াৰ অনুৰোধ ৰক্ষা কৰি তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যোৱাৰ প্ৰাকমুহূৰ্তত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ ১৬ ডিচেম্বৰত তেওঁ ইটানগৰত এখন গণ সমাবেশত যোগদান কৰিব। আজিৰ এই সংবাদমেলত সকলো সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে তেওঁ বিগত তিনিবছৰ কোনোধৰণৰ আন্দোলন, অনশন কাৰ্য্যসূচীত আদিত ভাগ লোৱা নাছিল। ইয়াৰ প্ৰকৃত কাৰণ চৰকাৰখনক সুস্থিৰে উন্নয়নৰ কাম কৰি যাবলৈ দিয়া বুলি তেওঁ অবগত কৰে। কিন্তু বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও লোকপাল বিলৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা বুলি তেওঁ অভিযোগ কৰে। লক্ষণীয় কথা যে এই প্ৰবীণ গান্ধীবাদী নেতাজনে ২০১১ চনৰ পৰা  লোকপাল আইন প্ৰণয়নৰ বাবে আৰু ভ্ৰষ্টাচাৰ-দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। তেওঁ আজিৰ সংবাদমেলত কথাৰ প্ৰসংগতে কয় যে বহুদিন ধৰি চলোৱা অন্নশন কাৰ্য্যসূচীৰ অন্তত  মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে লোকপাল বিধেয়কখন ৰাজ্যসভা আৰু লোকসভাত গৃহীত কৰিছিল। কিন্তু সেই বিধেয়ক কংগ্ৰেছ চৰকাৰে  আইন হিচাপে  বলবৎ নকৰিলে। ইয়াৰ উপৰি তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে বৰ্তমান সময়তো দেশৰ প্ৰায়বোৰ  ৰাজ্যত লোক আয়ুক্ত নাই । তেওঁ বিগত কংগ্ৰেছ চৰকাৰক এক বছৰৰ ভিতৰত সেই ৰাজ্য সমূহত লোক আয়ুক্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছিল  যদিও চৰকাৰখনে এই বিষয়ৰ ওপৰত কোনো সিদ্ধান্তই গ্ৰহণ নকৰিলে বুলি সংবাদমেলত উল্লেখ কৰে। লগতে তেওঁ কয় যে তেওঁক কংগ্ৰেছ চৰকাৰে আন্দোলন কৰাৰ বাবে বহুবাৰ জেইললৈ প্ৰেৰণ কৰিছিল আৰু সেইবাবে জনতাই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ ফলাফল দিছিল।

উক্ত সংবাদমেলত প্ৰবীণ গান্ধীবাদী নেতাজনে বিজেপি চৰকাখনকো সমালোচনা কৰা পৰিলক্ষিত হ’ল। তেওঁ কয়, যোৱা ৩ বছৰ তেওঁ বিজেপি চৰকাৰৰ কাম-কাজ লক্ষ্য কৰি আছিল, কিন্তু তেওঁ ইয়াৰ একো আশানুৰূপ ফলাফল নেদেখিলে। সেয়েহে তেওঁ অহা বছৰৰ ২৩ মাৰ্চৰ পৰা আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  তেওঁ তথ্যভিত্তিকভাৱে মত প্ৰকাশ কৰি কয় যে ভাৰতৰ ঔদ্যোগিক প্ৰতিষ্ঠানবোৰে নিয়ম অনুসৰি তিনিবছৰৰ লাভ হোৱাৰ ৭.০৫ শতাংশ দান কৰিব পাৰে। কিন্তু মোডী চৰকাৰে সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰি দিছে। বিজেপি দলে ৮০,০০০ কোটি টকা কোম্পানী সমূহৰ পৰা লয় বুলি তেওঁ সংবাদমেলত অভিযোগ উত্থাপন কৰে। যদিও পৰিৱৰ্তনৰ আশাত কৃষক জনসাধাৰণে বিজেপি চৰকাৰক শাসনলৈ আনিছিল, বিজেপি চৰকাৰখনে কৃষকৰ দুখ-অসুবিধা একোৱেই বুজি নাপালে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে কৃষক ৰাইজৰ কথা ভবাৰ বিপৰীতে উদ্যোগপতি সকলৰ কথাহে বেছিকৈ ভাবে।

Apply Now

জি এছ টি সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত গান্ধীবাদী নেতাজনে কয় যে জি এছ টি য়ে ক্ষুদ্ৰ তথা থলুৱা উদ্যোগসমূহলৈ এক ভাবুকি কঢ়িয়াই অনাৰ লগতে এই উদ্যোগ সমূহক অন্ধকাৰৰ মাজলৈ থেলি দিলে।

উল্লেখনীয় যে তেওঁ মোডী চৰকাৰলৈ লোকপাল আইন আৰু কৃষকৰ ভূমি অধিগ্ৰহণ সন্দৰ্ভত ৩২খন চিঠি প্ৰেৰণ কৰিছিল, কিন্তু বৰ্তমানলৈকে সেই চিঠিৰ উত্তৰ তেওঁ নাপালে বুলিও কয়।

অখিল গগৈ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হিংসা পথ অৱলম্বন কৰা কোনো লোককে তেওঁ সমৰ্থন নকৰে আৰু বন্দুক হাতত তুলি ল’ম বুলি কোৱাটো ভুল কথা। তেওঁ অখিল গগৈৰ মুক্তিৰ দাবী কৰিবলৈ অসমলৈ অহা নাই বুলিও মন্তব্য কৰে। আনহাতে ৰাজনৈতিক পক্ষ এৰে যদি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁ আৰম্ভ কৰিব বিচৰা আন্দোলনত সমৰ্থন আগবঢ়াব পাৰিব।

লক্ষ্যণীয় কথা যে বিগত ৬ বছৰত ৫৫০ খন সভা, ৫ খন নিৰ্বাচনী আয়োগ সন্দৰ্ভত হোৱা  সভাত অংশগ্ৰহণ কৰিছে।এই সন্দৰ্ভত তেওঁ কয় যে তেওঁক ৰাজ্য সমূহলৈ জনসাধাৰণে নিমন্ত্ৰণ কৰে আৰু তেওঁৰ ইয়াৰ বাবদ কোনো ধন খৰচ নহয় আৰু নিমন্ত্ৰণ কৰা সকলেই এই খৰচ বহন কৰে। লগতে সংবাদমেলৰ সামৰণিৰ ফালে বিশিষ্ট গান্ধীবাদী নেতাজনে মৃত্যুৰ আগমুহূৰ্তলৈকে সমাজৰ হকে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd