• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি বছৰ বিৰতিৰ অন্তত অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব আন্নাৰ আন্দোলন

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 15, 2017 1:56 pm

3 min read

তিনি বছৰ বিৰতিৰ অন্তত অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব আন্নাৰ আন্দোলন

ফটোঃ কল্প

121
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী প্ৰেছক্লাবৰ দেশৰ বিশিষ্ট সামাজিক কৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰেই এখন সংবাদমেল সম্বোধন কৰে। জানিব পৰা মতে অসমত অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতি অহা দিব্যজ্যোতি শইকীয়াৰ অনুৰোধ ৰক্ষা কৰি তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যোৱাৰ প্ৰাকমুহূৰ্তত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ ১৬ ডিচেম্বৰত তেওঁ ইটানগৰত এখন গণ সমাবেশত যোগদান কৰিব। আজিৰ এই সংবাদমেলত সকলো সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে তেওঁ বিগত তিনিবছৰ কোনোধৰণৰ আন্দোলন, অনশন কাৰ্য্যসূচীত আদিত ভাগ লোৱা নাছিল। ইয়াৰ প্ৰকৃত কাৰণ চৰকাৰখনক সুস্থিৰে উন্নয়নৰ কাম কৰি যাবলৈ দিয়া বুলি তেওঁ অবগত কৰে। কিন্তু বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও লোকপাল বিলৰ ওপৰত গুৰুত্ব প্ৰদান নকৰা বুলি তেওঁ অভিযোগ কৰে। লক্ষণীয় কথা যে এই প্ৰবীণ গান্ধীবাদী নেতাজনে ২০১১ চনৰ পৰা  লোকপাল আইন প্ৰণয়নৰ বাবে আৰু ভ্ৰষ্টাচাৰ-দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। তেওঁ আজিৰ সংবাদমেলত কথাৰ প্ৰসংগতে কয় যে বহুদিন ধৰি চলোৱা অন্নশন কাৰ্য্যসূচীৰ অন্তত  মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে লোকপাল বিধেয়কখন ৰাজ্যসভা আৰু লোকসভাত গৃহীত কৰিছিল। কিন্তু সেই বিধেয়ক কংগ্ৰেছ চৰকাৰে  আইন হিচাপে  বলবৎ নকৰিলে। ইয়াৰ উপৰি তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে বৰ্তমান সময়তো দেশৰ প্ৰায়বোৰ  ৰাজ্যত লোক আয়ুক্ত নাই । তেওঁ বিগত কংগ্ৰেছ চৰকাৰক এক বছৰৰ ভিতৰত সেই ৰাজ্য সমূহত লোক আয়ুক্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছিল  যদিও চৰকাৰখনে এই বিষয়ৰ ওপৰত কোনো সিদ্ধান্তই গ্ৰহণ নকৰিলে বুলি সংবাদমেলত উল্লেখ কৰে। লগতে তেওঁ কয় যে তেওঁক কংগ্ৰেছ চৰকাৰে আন্দোলন কৰাৰ বাবে বহুবাৰ জেইললৈ প্ৰেৰণ কৰিছিল আৰু সেইবাবে জনতাই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ ফলাফল দিছিল।

উক্ত সংবাদমেলত প্ৰবীণ গান্ধীবাদী নেতাজনে বিজেপি চৰকাখনকো সমালোচনা কৰা পৰিলক্ষিত হ’ল। তেওঁ কয়, যোৱা ৩ বছৰ তেওঁ বিজেপি চৰকাৰৰ কাম-কাজ লক্ষ্য কৰি আছিল, কিন্তু তেওঁ ইয়াৰ একো আশানুৰূপ ফলাফল নেদেখিলে। সেয়েহে তেওঁ অহা বছৰৰ ২৩ মাৰ্চৰ পৰা আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  তেওঁ তথ্যভিত্তিকভাৱে মত প্ৰকাশ কৰি কয় যে ভাৰতৰ ঔদ্যোগিক প্ৰতিষ্ঠানবোৰে নিয়ম অনুসৰি তিনিবছৰৰ লাভ হোৱাৰ ৭.০৫ শতাংশ দান কৰিব পাৰে। কিন্তু মোডী চৰকাৰে সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰি দিছে। বিজেপি দলে ৮০,০০০ কোটি টকা কোম্পানী সমূহৰ পৰা লয় বুলি তেওঁ সংবাদমেলত অভিযোগ উত্থাপন কৰে। যদিও পৰিৱৰ্তনৰ আশাত কৃষক জনসাধাৰণে বিজেপি চৰকাৰক শাসনলৈ আনিছিল, বিজেপি চৰকাৰখনে কৃষকৰ দুখ-অসুবিধা একোৱেই বুজি নাপালে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে কৃষক ৰাইজৰ কথা ভবাৰ বিপৰীতে উদ্যোগপতি সকলৰ কথাহে বেছিকৈ ভাবে।

জি এছ টি সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত গান্ধীবাদী নেতাজনে কয় যে জি এছ টি য়ে ক্ষুদ্ৰ তথা থলুৱা উদ্যোগসমূহলৈ এক ভাবুকি কঢ়িয়াই অনাৰ লগতে এই উদ্যোগ সমূহক অন্ধকাৰৰ মাজলৈ থেলি দিলে।

উল্লেখনীয় যে তেওঁ মোডী চৰকাৰলৈ লোকপাল আইন আৰু কৃষকৰ ভূমি অধিগ্ৰহণ সন্দৰ্ভত ৩২খন চিঠি প্ৰেৰণ কৰিছিল, কিন্তু বৰ্তমানলৈকে সেই চিঠিৰ উত্তৰ তেওঁ নাপালে বুলিও কয়।

অখিল গগৈ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হিংসা পথ অৱলম্বন কৰা কোনো লোককে তেওঁ সমৰ্থন নকৰে আৰু বন্দুক হাতত তুলি ল’ম বুলি কোৱাটো ভুল কথা। তেওঁ অখিল গগৈৰ মুক্তিৰ দাবী কৰিবলৈ অসমলৈ অহা নাই বুলিও মন্তব্য কৰে। আনহাতে ৰাজনৈতিক পক্ষ এৰে যদি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁ আৰম্ভ কৰিব বিচৰা আন্দোলনত সমৰ্থন আগবঢ়াব পাৰিব।

লক্ষ্যণীয় কথা যে বিগত ৬ বছৰত ৫৫০ খন সভা, ৫ খন নিৰ্বাচনী আয়োগ সন্দৰ্ভত হোৱা  সভাত অংশগ্ৰহণ কৰিছে।এই সন্দৰ্ভত তেওঁ কয় যে তেওঁক ৰাজ্য সমূহলৈ জনসাধাৰণে নিমন্ত্ৰণ কৰে আৰু তেওঁৰ ইয়াৰ বাবদ কোনো ধন খৰচ নহয় আৰু নিমন্ত্ৰণ কৰা সকলেই এই খৰচ বহন কৰে। লগতে সংবাদমেলৰ সামৰণিৰ ফালে বিশিষ্ট গান্ধীবাদী নেতাজনে মৃত্যুৰ আগমুহূৰ্তলৈকে সমাজৰ হকে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে।

Recent News

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd