DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰৰ কাৰ্য্যসূচীত ভাগ লৈ বহুকেইটা বিতৰ্কিত মন্তব্য কৰিলে বিজেপিৰ বিতৰ্কিত নেতা সুব্ৰমনিয়ন স্বামীয়ে

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
January 7, 2018 3:46 pm
SUBRAMANIAN-SWAMY
270
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ ঐতিহাসিক চহৰ তেজপুৰলৈ অহা বিজেপিৰ বিতৰ্কিত নেতা সুব্ৰমনিয়ন স্বামীয়ে ৰটাৰি ক্লাবৰ এটা কাৰ্য্যসূচীত ভাগ লৈ কেইবাটাও বিতৰ্কিত মন্তব্য কৰে। নিজৰ ভাষণত ৰাজ্যসভাৰ সাংসদৰ দৰে সাংবিধানিক পদত থকা নেতাজনে উগ্ৰপন্থীসকলক গুলীয়াই মাৰিব লাগে বুলি এক বিতৰ্কিত মন্তব্য কৰে। পাকিস্তান সন্দৰ্ভতো অতি বিতৰ্কিত মন্তব্য দি কয় যে পাকিস্তানক চাৰিভাগত টুকুৰা-টুকুৰ কৰি দিলেই তাত থকা সন্ত্ৰাসবাদীৰ সমস্যা নোহোৱা হ’ব। একেদৰে তেওঁ প্ৰতিৱেশী চীনৰ বিষয়েও তাৎপৰ্য্যপূৰ্ণ মন্তব্য দি কয় যে চীনৰ সৈতে ভাৰতে বন্ধুত্ব স্থাপন কৰিব লাগে, কিন্তু চীনক কোনোপধ্যে আগ বাঢ়িবলৈ দিব নালাগে। আনহাতে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো মন্তব্য দি কয় যে মমতা বেনাৰ্জীক কোনেও গুৰুত্ব দিব নালাগে। মমতাৰ মন্তব্যৰ কোনো গুৰুত্ব নাই। কাৰণ মমতাই যিহকে পাই তাকে কয়। মমতাৰ বিৰুদ্ধে প্ৰকৃততে বহুতো গোচৰেই দিব পৰা যায়। কিন্তু কিমান গোচৰ দিব। গতিকে মমতাৰ কথাৰ কোনো গুৰুত্ব নাই বুলি তেওঁ দাবী কৰে। অসমত বিদেশী এজনো থাকিব নালাগে। সকলোকে চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। -অসমৰ বিদেশী সমস্যা সন্দৰ্ভত এইদৰে মন্তব্য কৰে সাংসদজনে।

তেজপুৰৰ অভিজ্ঞতা সন্দৰ্ভত সুব্ৰমনিয়ন স্বামীৰ টুইট।

আনহাতে আজি পুৱা স্বামীয়ে সপত্নীক তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিছিল। অসমত পৰ্য্যটনৰ যথেষ্ট সম্ভাৱনা থকাৰ কথা স্বীকাৰ কৰি তেওঁ ইয়াৰ যাতায়াত ব্যৱস্থাৰ পুতৌজনক অৱস্থাৰ বাবে খেদ প্ৰকাশ কৰে। তেওঁ তেজপুৰ চহৰক দেশৰ অন্য প্ৰান্তৰ লগত বিমান সেৱাৰ যোগাযোগ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা দিব বুলি কয়। বিমান সেৱাৰ লগতে ৰেইল সেৱাৰেও চহৰখনক সংযোগ কৰাত গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ নেতাজন নিজৰ মন্তব্যৰে সততে বিতৰ্কৰ মাজত থকাৰ প্ৰৱণতা সকলোৰে বিদিত। অলপতে তেওঁ নতুনকৈ ৰাজনৈতিক দল গঠন কৰিবলৈ ওলোৱা দক্ষিণৰ নেতা ৰজনীকান্ত সন্দৰ্ভতো বিতৰ্কিত মন্তব্য দিছিল।

আনহাতে আজি আবেলি নেতাজনে তেজপুৰ ভ্ৰমণ অভিজ্ঞতা সন্দৰ্ভত নিজৰ সন্তুষ্টি প্ৰকাশ কৰি এটা টুইট কৰে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd