DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী বিজেপিৰ সহযোগী আইপিএফটিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 11:09 am
agartala-bjp-678x381

বিজেপিৰ কেন্দ্ৰীয় নেতা সুনীল দেওধৰৰ সৈতে ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিপ্লৱ দেৱ

118
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটে একক সংখ্যগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ প্ৰস্তুতি চলোৱাৰ সময়তে মিত্ৰজোঁটৰ মাজত মতান্তৰ ঘটাৰ সম্ভৱনা দেখা দিছে। বিজেপিৰ জনজাতীয় সহযোগী দল আইপিএফটি (ইণ্ডিজেনাওছ পীপলছ ফ্ৰন্ট) য়ে দাবী কৰিছে যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীগৰাকী এগৰাকী জনজাতীয় লোক হোৱা উচিত।

ত্ৰিপুৰা বিজেপিৰ মুৰব্বী বিপ্লৱ দেৱক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰায় নিশ্চিত কৰি বিজেপিয়ে তেওঁৰ সমষ্টি আগৰতলাৰ বনমালীপুৰত সমৰ্থকৰ সৈতে বিজয় উৎসৱ উদযাপন কৰি থকাৰ মাজতে এই দাবী উত্থাপিত হৈছে।

আইপিএফটিৰ সভাপতি এন চি দেৱ বাৰ্মাই ইয়াৰ সহযোগী বিজেপিৰ অজানিতে প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সভাত  এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী উত্থাপন কৰিছে।

জানিব পৰা মতে দেৱ বাৰ্মাই কৈছে যে নিৰ্বাচনী ফলাফলত বিজেপি-আইপিএফটি মিত্ৰজোঁটে লাভ কৰা নিৰংকুশ সংখ্যাগৰিষ্ঠতা জনজাতীয় ভোটৰ অবিহনে সম্ভৱ নহ’লহেঁতেন।

11regNC
আইপিএফটিৰ নেতা এন চি দেৱ বাৰ্মা

তেওঁ মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা এগৰাকী জনজাতীয় প্ৰাৰ্থীক দিয়া উচিত বুলি দাবী কৰিছে। স্বাভাৱিকতে বিধায়িনী দলৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হোৱাটো এটা পৰম্পৰা।

বিপ্লৱ দেৱ সম্পৰ্কত অৱশ্যে নেতাগৰাকীয়ে কোনো মন্তৱ্য দিবলৈ অস্বীকাৰ কৰে। আনহাতে, কোন গৰাকী জনজাতীয় নেতাক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব লাগে সেই বিষয়েও দেৱ বাৰ্মাই কোনোধৰণৰ ইংগিত দাঙি ধৰা নাই। তেওঁ মাথোঁ কয় যে আলোচনাৰ পিছতে সেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

বিজেপিৰ ত্ৰিপুৰাৰ দায়িত্বত থকা নেতা সুনীল দেওধৰে দেৱ বাৰ্মাৰ এনে বক্তৱ্য সম্পৰ্কে অজ্ঞাত বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ফলাফল ঘোষণা কৰাৰ পিছতে দেৱ বাৰ্মাই ব্যক্ত কৰিছিল যে আইপিএফটিয়ে এখন সুকীয়া জনজাতীয় ৰাজ্য বা ‘’তিপ্ৰালেণ্ড’’ৰ দাবীটো অব্যাহত ৰাখিব।

 

Recent News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd